পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখাৰ আৰক্ষী চকীত আক্ৰমণ

হামৰেণ: দেওবাৰে মাজনিশা পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখাৰ পহৰা চকীত আক্ৰমণ চলালে একাংশ উদণ্ডই । জিলাখনৰ জেংখাত দেওবাৰে অনুষ্ঠিত হোৱা গাঁওৰক্ষী বাহিনীৰ ৭২সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক অনুষ্ঠানত উদ্ভণ্ডালি কৰা এজন যুৱকক আটক কৰিছিল আৰক্ষীয়ে | এই ঘটনাক লৈ নিশা উত্তপ্ত হৈ পৰে পৰিস্থিতিৰ। ইয়াৰ পিছত যুৱকজনক মোকলাই নিয়াৰ বাবে গাঁৱৰ ৰাইজে পহৰা চকীত চলাই আক্ৰমণ।

এই আক্ৰমণত লণ্ডভণ্ড কৰে থানাৰ আচবাব। লগতে ভাঙি চূৰ্ণ–বিচূৰ্ণ কৰে আৰক্ষীৰ AS-30-7734 নম্বৰৰ বাহনখনো। ৰাইজৰ থানাত আক্ৰমণৰ সময়ত  বহুকেইজন আৰক্ষীৰ লোক আহত হোৱাৰ লগতে আহত হৈছে বহু কেইজন আক্ৰমণকাৰীও।

নিশা গুলী ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰক্ষীয়ে এতিয়ালৈকে ঘটনা সংক্ৰান্তত কোনো মন্তব্য প্ৰকাশ কৰা নাই। নিশাৰ ঘটনাক লৈ অঞ্চলটোত অব্যাহত আছে চেপা উত্তেজনা। আৰক্ষীয়ে ইতিমধ্যে দুজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,277 other subscribers

Leave a comment

Leave a Reply