বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা অসম ভ্ৰমন

নিউজ ডেক্স: নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে অধিক তত্‍পৰ হৈছে বিজেপি | ‘বিজয় সংকল্প সমাৱেশ’ত অংশ লবলৈ শিলচৰত উপস্থিত হ’ল বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নড্ডাক শিলচৰ বিমানবন্দৰত

উষ্ম আদৰণি জনাই অসমৰ ভিন্ন জনগোষ্ঠীৰ প্ৰায় তিনিহাজাৰ শিল্পীয়ে। শিলচৰত প্ৰথমখন সভা শেষ কৰি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব সভাপতি নড্ডা।

শিলচৰ বিমানবন্দৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰঞ্জিত দাসে ফুলাম গামোচাৰে নাড্ডাক আদৰণি জনায় |

প্ৰদেশ বিজেপিৰ অভ্যন্তৰত ন-পুৰণি বিজেপিৰ সংঘাতৰ সময়তে দুদিনীয়া ভ্ৰমনসূচীৰে অসমলৈ অহা সভাপতি নাড্ডা গুৱাহাটীত উপস্থিত হৈ বিজেপিৰ ক’ৰ কমিটি, নিৰ্বাচন কমিটি, ৰাজ্যিক বিষয়ববীয়া সৈতে মাৰাথন বৈঠকত মিলিত হ’ব | ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি তথা দলীয় সাংগঠনিক স্থিতি, মিত্ৰ দলৰ সৈতে আসন ভাগবটোৱাৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ কথা |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply