গুৱাহাটী– মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি চিৰাং জিলাৰ বিজনীৰ উলুবাৰীত অনুষ্ঠিত বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰে। নির্বাচনীসভা সম্বোধন কৰি মুখ্যমন্ত্রী গৰাকীয়ে আগন্তুক ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভােটদান প্রক্রিয়াৰ জৰিয়তে বিটিআৰবাসীক ৰাইজৰ তথা নৱ প্ৰজন্মৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰা এখন গতিশীল চৰকাৰ গঠনৰ বাবে আহ্বান জনায়।

লগতে তেওঁ কয় যে পূর্বৰ বিপিএফ চৰকাৰখনে বিটিএডিৰ শাসনভাৰ ১৫ বছৰতকৈও অধিক সময়ৰ বাবে লাভ কৰিছিল যদিও ৰাইজক আশা-আকাংক্ষা পূৰণৰ দিশত চৰকাৰখনে সম্পূর্ণভাবে ব্যৰ্থ হৈছে। বিটিআৰৰ অধীনৰ চাৰিখন জিলাৰ উন্নয়ন প্রক্রিয়া পূৰ্বৰ চৰকাৰে স্থবিৰ কৰি তুলিছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

বিটিআৰবাসী চাৰিখন জিলাৰ জনসাধাৰণে পূৰ্বৰ ভ্রষ্টাচাৰী চৰকাৰৰ পৰিৱর্তে এখন গতিশীল চৰকাৰ গঠনৰ বাবে এইবাৰৰ নিৰ্বাচনত মতদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে উল্লেখ কৰে।

বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ তথা দিছপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে যি নিষ্ঠাসহকাৰে জনসাধাৰণৰ সেৱা আগবঢ়াইছে সেই উদাহৰণ আগত ৰাখিয়েই বিটিআৰবাসী জনসাধাৰণে এইবাৰ বিজেপি চৰকাৰ বিটিআৰত গঠন হােৱাটো মনে-প্রাণে কামনা কৰিছে বুলিও মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়। বিটিআৰৰ সৰু বৰ সকলাে জাতি-জনগােষ্ঠীৰ সামগ্রিক উন্নয়নৰ দিশত কেৱল বিজেপি চৰকাৰহে নিষ্ঠা সহকাৰে কাম কৰিব পাৰিব বুলিও তেখেতে উল্লেখ কৰে।

বিজেপি চৰকাৰ হ’লে সকলাে জাতি-জনগােষ্ঠীৰ অধিকাৰ আৰু মর্যাদা সুৰক্ষিত হ’ব। বিজেপি চৰকাৰ হ’লে মাটিৰ অধিকাৰ বিটিআৰবাসীয়ে লাভ কৰিব।বিটিআৰবাসী সকলাে জাতি-জনগােষ্ঠীৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ বিকাশৰ বাবে বিজেপি চৰকাৰে কাম কৰিব। বিটিআৰবাসী সকলাে জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ সুৰক্ষা প্রদান কৰা হ’ব। বিজেপি চৰকাৰ হ’লে কোনাে ধৰণৰ ভয়, ভীতি আৰু শংকাৰ অৱকাশ নাথাকিব বুলিও তেওঁ উল্লেখ কৰে।

অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত বিটিআৰৰ পৰিৱৰ্তন তথা ৰূপান্তৰৰ বাবে পদুমৰ ছবিত ভােট দি বিজেপি প্রার্থীসকলক বিপুল পৰিমাণৰ ভাটত জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। বিটিআৰত বিজেপি চৰকাৰ হ’লে শান্তি, সমৃদ্ধি আৰু গণতান্ত্রিক বাতাৱৰণ শক্তিশালী হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

বিগত প্রায় ১৫ বছৰৰ অধিক কালে বিটিআৰৰ উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বহু পৰিমাণৰ পুঁজি প্ৰদান কৰিলে যদিও এই পুঁজিৰ সৰহ সংখ্যকেই আত্মসাৎ কৰা হ’ল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কিন্তু বিজেপি চৰকাৰ হ’লে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সকলাে আঁচনিৰ সুফল জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হব। বিজেপি চৰকাৰ থকা বাবে সমগ্ৰ ভাৰতবৰ্ষত দুর্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ লেখীয়াকৈ অসম চৰকাৰেও দুর্নীতিমুক্ত অসম গঢ়াৰ দিশত কঠোৰ পদক্ষেপ গ্রহণ কৰিছে বুলি তেওঁ কয়।

বিজেপি চৰকাৰ হ’লে বিটিআৰত সম্পূর্ণ ৰূপে দুর্নীতিমুক্ত কৰাৰ দিশত দায়বদ্ধ পদক্ষেপ লােৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। বিজেপি চৰকাৰ হ’লে কোনেও যাতে চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰিব নােৱাৰে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰা ব্যক্তিসকলক কৰায়ত্ত কৰি ব্যৱস্থা লােৱা হ’ব বুলিও তেওঁ কয়। ভাৰতীয় জনতা পার্টিৰ চৰকাৰ গঠন হ’লে বিটিআৰ সম্পূৰ্ণৰূপে সন্ত্রাসমুক্ত এলেকা। হিচাপে গঢ়ি উঠিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বিজেপি চৰকাৰ হ’লে বিটিআৰত স্থায়ী গণতান্ত্রিক ব্যবস্থা এটা গঢ়ি উঠিব।

বিজেপি চৰকাৰ হ’লে বিটিআৰৰ প্ৰতিটো এলেকাৰ স্থানীয় সমস্যাসমূহ সমাধানৰ দিশতাে শক্তিশালী পদক্ষেপ লােৱা হ’ব। বিটিআৰৰ চাৰিখন জিলাৰ যথেষ্ট সম্পদ আৰু সম্ভাৱনা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইমান দিনে সংঘাত আৰু বিভেদেৰে উন্নয়নী প্রক্রিয়াক বাধাগ্রস্ত কৰিছিল বুলি কয়। কিন্তু বিজেপি চৰকাৰ হ’লে বিটিআৰৰ চৌদিশে শান্তি আৰু সমৃদ্ধি বিৰাজমান হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। বিটিআৰক পর্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। | আজিৰ এই নির্বাচনী সভাত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী যােগেন মহন, ৰাজ্য সভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱাল, বিজেপি ৰাজ্যিক সমিতিৰ অন্যতম সম্পাদক সুকুমাৰ বিশ্বাস প্রমুখ্যে দলীয় কর্মকর্তাসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,907 other subscribers

Leave a comment

Leave a Reply