গুৱাহাটী – বিপিএফ দলত আৰম্ভ হৈছে গৰাখহনীয়া! বিপিএফৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে দলত্যাগ কৰাৰ এদিন পিছতে কালি তামুলপুৰ সমষ্টিৰ বি পি এফৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়েও দল ত্যাগ কৰিছে৷ সাংসদ দৈমাৰীয়ে দলৰ কার্যকৰী সভাপতিৰ পদ ত্যাগ কৰি পদত্যাগ পত্র প্রেৰণ কৰাৰ পাছত কালি বিধায়ক মুছাহাৰীয়েও দলৰ নেতৃত্বলৈ পদত্যাগ পত্র প্রেৰণ কৰিছে।

উল্লেখযোগ্য যে কেইমাহমান পূর্বে বি পি এফ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি বিধায়ক মুছাহাৰীয়ে দল এৰিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল৷ অৱশ্যে বিধায়কজনে বি পি এফ এৰি কোনটো দলত যোগদান কৰিব সেই কথা ৰাজহুৱা কৰা নাছিল৷ পিছে সমর্থকসকলৰ সৈতে আলোচনা কৰাৰ অন্তত অহা ২০ নৱেম্বৰত তামুলপুৰত অনুষ্ঠিতব্য এখন সভাত তেওঁ বিজেপিত যোগদান কৰিব৷ বি টি চি নির্বাচনৰ পূর্বে এজনৰ পাছত আন এজন নেতাই বি পি এফ ত্যাগ কৰাত ১৫ বছৰ ক্ষমতাত থকা দলটোক একপ্রকাৰ বিধবস্ত কৰি তুলিছে৷

ইতিমধ্যেই বিপিএফৰ আৰু একাধিক নেতাইয়ো বিজেপিত যোগ দিব বুলি দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷ দাসে কালি কয় যে কার্বি আংলং, উত্তৰ কাছাৰৰ জনজাতীয় ৰাইজেও বিজেপিত যোগ দিছে৷ তিৱা-ৰাভাসকলেও বিজেপিলৈ আহিছে৷ বড়ো নেতাৰ লগতে বি টি চিত বসবাস কৰা আন আন জনগোষ্ঠীয় নেতাও বিজেপিলৈ আহিব৷ ভালেমান জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীও বিজেপিত যোগ দিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply