বিশিষ্ট ভাষাতত্ববিদ, সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান

গুৱাহাটী: বিশিষ্ট ভাষাতত্ববিদ, সাহিত্যিক ৰমেশ পাঠক আৰু নাই। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মহানগৰীৰ হাতীগাঁৱৰ লক্ষ্মীনগৰত থকা বাসগৃহত মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে ড০ পাঠকে। কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ পাঠকৰ জন্ম হৈছিল ১৯৪২ চনৰ ১ মাৰ্চত।

নলবাৰীৰ খলিহাগুৰিত জন্মগ্ৰহণ কৰা ৰমেশ পাঠকে ওৰেটো জীৱন অসমীয়া ভাষা-সাহিত্যৰ হকেই কাম কৰি গৈছিল। ১৯৫২চনত খলিহাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৫৯চনত টিহু হাইস্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৬চনত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ১৯৮৮চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা ড০ পাঠকে কৰ্মজীৱন আৰম্ভ কৰিছিল তেজু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে। ইয়াৰ পিছতে ১৯৬৬ চনত অৰুণাচল প্ৰদেশৰ জৱাহৰলাল নেহৰু কলেজত অধ্যাপক হিচাপে যোগদান কৰে।

ইয়াৰ চাৰি বছৰ পিছত ১৯৭০ চনত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে আৰু কটনৰ পৰাই তেখেতে অৱসৰ গ্ৰহণ কৰে । তেখেতে ২০০৬ চনৰ পৰা ২০১০ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত আৰু ২০০৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

তেখেতে ভাষা বিজ্ঞানৰ ভূমিকা, অসমীয়া ভাষাৰ ইতিহাস,ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞানকে ধৰি বহু স্মৰণীয় গ্ৰন্থ প্ৰনয়ন কৰি অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গৈছে ৷ বিশিষ্ট ভাষাবিদ গৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যবাসীৰ মাজত শোঁকৰ ছা পৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,272 other subscribers

Leave a comment

Leave a Reply