প্ৰয়াত গীতা হাতীকাকতি

গুৱাহাটী – অসমৰ বিশিষ্ট সাহিত্যিক ,গীতিকাৰ গীতা হাতী কাকতি আৰু নাই ৷ বহুতো সাহিত্য, সংগীতেৰে অসমীয়া সাহিত্য আৰু সংগীত জগতখন চহকী কৰা গীতা হাতীকাকতি কালি সন্ধিয়া ৬.৪৬ বজাত ইহ সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় লয় ৷

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতা ভুগি থকা বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৭ বছৰ ৷ তেওঁৰ সাহিত্যৰাজি হ’ল এখনি পানচৈ উচি যায় অহা না, তৰা আখৰে কবিতা লিখি, জোন জ্বলে সপোনৰ আদি ৷ লগতে তেওঁৰ দ্বাৰা ৰচিত সংগীত অসমৰ বহুতো জনপ্ৰিয়ে কণ্ঠদান কৰিছে ৷ ২০০৪ চলত অসম চৰকাৰে সাহিত্যিক পেন্সন আৰু২০১৬ চনত শিল্পী বঁটা প্ৰদান কৰে ৷

তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গভীৰ শোক প্ৰকাশৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কয় যে তেওঁৰ মৃত্যুত অসমৰ সাহিত্য তথা সংগীত জগত খনত এক আপুৰুগীয়া ক্ষতি ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply