গোৱালপাৰা – গোৱালপাৰা জিলাৰ এখন আদৰ্শ কৃষিপ্ৰধান গাঁও। কৃষিৰ ওপৰত নিৰ্ভৰশীল গাঁওখনৰ প্ৰতিগৰাকী ব্যক্তি। এই বিশেষ গাঁওখনৰ আছে কিছুমান বিশেষত্ব। প্ৰায় ৫০০ লোকে বসবাস কৰা গাঁওখনৰ এক বিশেষ কাৰ্যত অনুপস্থিত থাকিলে পুৰুষ সকলে ভৰিব লাগে ৩০ টকা জৰিমনা আৰু মহিলা সকলে দিব লাগে ১৫ টকা। বিগত ২০ বছৰে গাঁওখনৰ কোনো এগৰাকী লোকে ভৰিব লগা হোৱা নাই জৰিমনা। বিশেষ কাৰ্যটোত হাঁহি মুখে ওলাই আহি অংশগ্ৰহণ কৰে প্ৰতিগৰাকী পুৰুষ-মহিলাই।

গোৱালপাৰা জিলাৰ গাৰো জনগোষ্টীয় লোক সকলৰ বসতিপূৰ্ণ ৰাঙচাপাৰা গাঁও। এই গাঁওখনে ২০১৬-১৭ বর্ষত লাভ কৰিছিল এক বিশেষ সাফল্য। অসম চৰকাৰে এই গাঁওখনক ৫ লাখ টকাৰ পুৰস্কাৰ প্ৰদনা কৰি গাঁওখনক অসমৰ ভিতৰতে স্বচ্ছ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। ২০১৬-১৭ বৰ্ষত অসম চৰকাৰৰ পৰা লাভ কৰা এই স্বীকৃতি আজিও বৰ্তাই ৰাখিছে গাঁওখখনে। আজিও এই গাঁওখন সম্পূৰ্ণ স্বচ্ছ হৈ আছে।

ৰাঙচাপাৰা গাঁও অসমৰ এখন স্বচ্ছ গাঁওলৈ পৰিণত হোৱাৰ আঁৰত আছে গাঁওখনৰ প্ৰতিগৰাকী পুৰুষ-মহিলাৰ অৰিহণা। গাঁওখনৰ গাঁওবুঢ়া ৰবীনজ’ন মমিনৰ নেতৃত্বত গাঁওখনৰ পুৰুষ-মহিলাই গাঁওখনক গঢ়ি তুলিছে এখন স্বচ্ছ আৰু মনোমোহা বাগিচা ৰূপে। চাৰিওফালৰ পৰা সেউজীয়া শাল গছে আৱৰি ৰখা এই গাঁওখন যাতে সদায় এখন বাগিচালৈ ৰূপান্তৰিত হৈ থাকে ইয়াৰ বাবে সপ্তাহত দুদিন ওলাই আহে গাঁওখনৰ পুৰুষ-মহিলাই।

সপ্তাহৰ বুধবাৰে পুৰুষ সকলে আৰু শনিবাৰে মহিলা সকলে গাঁওখনক স্বচ্ছ কৰি ৰখাৰ বাবে দান কৰে শ্ৰম। শ্ৰম দানত যদি কোনোবা এগৰাকী পুৰুষ অথবা মহিলা উপস্থিত নাথাকে তেনেতে ভৰিব লগা হয় জৰিমনা। পুৰুষৰ ক্ষেত্ৰত এই জৰিমনাৰ পৰিমাণ ৩০ টকাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত ১৫ টকা। উল্লেখনীয় যে বিগত ২০ বছৰত গাঁওখনৰ কোনো এগৰাকী পুৰুষ অথবা মহিলাই ভৰিব লগা হোৱা নাই এই জৰিমনা। নিজৰ গাঁওখনক স্বচ্ছ কৰি ৰাখিবলৈ প্ৰতিগৰাকী পুৰুষ-মহিলাই হাঁহি মুখে ওলাই আহি শ্ৰম দান কৰে প্ৰতিটো বুধবাৰ আৰু শনিবাৰে।

ৰাঙচাপাৰা গাঁৱৰ অন্য এটা গুৰুত্বপূৰ্ণ বিশেষত্ব হৈছে গাঁওখন সম্পূৰ্ণ নিচা মুক্ত। গাঁওখনত থকা দোকান সমূহত বিক্ৰী নহয় কোনো ধৰণৰ নিচাজাতীয় সমগ্রী। আনকি গাঁওখনৰ মনোমোহা পৰিৱেশ উপভোগ কৰিবলৈ অহা পৰ্যটক সকলকো গাঁওখনত প্ৰৱেশ কৰাৰ লগে লগে নিচাজাতীয় সমগ্রী সেৱনৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হয়। এই ক্ষেত্ৰত যদি কোনোবাই এই পৰামৰ্শ অমান্য কৰি নিচাজাতীয় সমগ্ৰী সেৱন কৰে তেন্তে ভৰিব লাগে ৫০০১ টকাৰ জৰিমনা।

কেৱল পৰ্যটকে নহয় এই গাঁওখনক কিদৰে গাঁওবাসীয়ে এখন স্বচ্ছ বাগিচা হিচাপে ৰূপান্তৰিত কৰি ৰাখিবলৈ সক্ষম হৈছে এই সম্পৰ্কে অধ্যয়ন কৰিবলৈ ৰাঙচাপাৰালৈ আহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী সকল। সপ্তাহৰ শনিবাৰে আৰু দেওবাৰে ৰাঙচাপাৰা গাঁৱৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ সোঁত বৈয় হাজাৰ হাজাৰ পৰ্যটকৰ। গাঁওখনৰ সেউজীয়া আৰু মনোমোহা পৰিৱেশত বিলীন হৈ পৰা বহু পৰ্যটক গোৱালপাৰা জিলাৰ ৰাঙচাপাৰা গাঁওখনক ঈশ্বৰৰ নিজা বাগিচা হিচাপেও অভিহিত কৰিব বিচাৰে।

বাট-পথ, যাতায়ত, পৰিৱেশ আদি সকলো দিশতে উন্নত ৰাঙচাপাৰা গাঁওখন বৰ্তমানেও পিছপৰি আছে শিক্ষাৰ ক্ষেত্ৰত। গাঁওখনত এখন এল পি আৰু এখন এম ই বিদ্যালয় আছে যদিও উচ্চ শিক্ষাৰ বাবে গাঁওখনৰ ছাত্ৰ-ছাত্ৰী সকলক যাব লগীয়া হয় গোৱালপাৰা অথবা আগীয়ালৈ। ৰাঙচাপাৰা গাঁওখনক শিক্ষাৰ ক্ষেত্ৰত অধিক আগুৱাই নিবলৈ গাঁওখনৰ ৰাইজে চৰকাৰক ৰাঙচাপাৰাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,919 other subscribers

Leave a comment

Leave a Reply