বিশ্বনাথ কংগ্ৰেছৰ সংবাদ মেল

বিশ্বনাথ: ২০১৮-১৯ চনৰ অসম বাজেটত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যি অসম আদৰ্শ গাঁও যোজনা ঘোষণা কৰিছিল সেই ঘোষণা কাগজতেই আৱদ্ধ হৈ থকাৰ অভিযোগ আনিছে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই । সোমবাৰে বিহালীত এক সংবাদ মেল সম্বোধন কৰি বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ বৰাই কয় যে, যোৱা ৫ বছৰে অসম চৰকাৰে সাধাৰণ ৰাইজৰ বাবে যিবোৰ আঁচনি লৈছিল তাৰ বহু আঁচনিয়ে চৰকাৰে কাৰ্যকৰী কৰিব নোৱাৰিলে ।

২০১৮-১৯ বৰ্ষৰ অটল অমৃত যোজনা,‌ ৬ খন নতুন মেডিকেল কলেজ, ১১ খন চিভিল হাস্পাতাল, ১০ খন আইন মহাবিদ্যালয় আৰু সংখ্যালঘু বসতি প্ৰধান অঞ্চলত ৯ খন কলেজ ইত্যাদি অভিলাষী আঁচনিৰ অন্য এখন অভিলাষী আঁচনি আছিল অসম আদৰ্শ গাঁও যোজনা । এই আদৰ্শ গাঁও যোজনাত একোখন আদৰ্শ গাঁওত ৫ কোটি টকাকৈ চৰকাৰে আৱন্টন দি গাওঁ খনৰ সৰ্বাংগীন বিকাশৰ কথা কোৱা হৈছিল ।

কিন্তু চৰকাৰে এই আঁচনি সমুহৰ এখনো ৰূপায়ন কৰিব নোৱাৰিলে । এইক্ষেত্ৰত বিশ্বনাথ জিলাৰ ৩ বিধানসভা সমষ্টি ক্ৰমে, বিহালী, বিশ্বনাথ আৰু গহপুৰত অসম আদৰ্শ গাঁও যোজনা ৰূপায়নৰ কোনো চিন-মোকাম নাই বুলি কৈ চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাদে বিশ্বনাথ জিলাবাসী ৰাইজে একো পোৱা নাই বুলি অভিযোগ কৰি বিশ্বনাথ জিলাৰ ২ বিধায়ক ক্ৰমে প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা আৰু বিহালীৰ বিধায়ক তথাৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ স্পষ্টিকৰণ দাবী কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,285 other subscribers

Leave a comment

Leave a Reply