বিশ্বনাথত আজিৰে পৰা আৰম্ভ হ'ল ইলেকট্ৰিক বাছৰ যাত্ৰা

বিশ্বনাথ: সোমবাৰে বিশ্বনাথত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত ইলেকট্ৰিক বাছ তথা ইলেকট্ৰনিক বাছ চাৰ্জিং স্টেচনৰ শুভ উদ্ধোধন কৰা হয় । উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গুৱাহাটীত আৰু দ্বিতীয়টো ষ্টেচন বিশ্বনাথ চাৰিআলিত মুকলি কৰা হয় । ২ ঘণ্টা চাৰ্জ কৰি ১২০ কিলোমিটাৰ অতিক্ৰম কৰিব পৰা এই বাছত যাত্ৰা কৰিব পাৰিব ২৭ গৰাকী যাত্ৰীয়ে । প্ৰদুষণ মুক্ত এখন সুস্থ সমাজ সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে লোৱা এই পদক্ষেপক আদৰণি জনায় ।

উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো ইলেক্ট্ৰিক বাছৰ চাৰ্জিং ষ্টেচন মুকলি

প্ৰায় ১কোটি ৭৮ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই চাৰ্জিং ষ্টেচন শুভ উদ্বোধন কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে । এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় সহ বহু কেইজন বিশিষ্ট ব্যক্তি ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,278 other subscribers

Leave a comment

Leave a Reply