অসম অৰুণাচল সীমান্তৰ বালিধুঙাত থকা আৰক্ষী কেম্পটোৰ উন্নয়ন হ'বনে

বিশ্বনাথ:- অসম আৰক্ষীৰ আধুনিকীকৰণৰ নামত কোটি কোটি টকা খৰচ কৰি অহা বিভাগটোৱে যোৱা সময়ছোৱাত কি কৰিলে | আৰক্ষীৰ আধুনিকীকৰণৰ নামত দিছপুৰত ব্যয় হ’ল অধিক পুঁজি | ৰাইজৰ সুৰক্ষাত কৈ নেতাৰ সুৰক্ষাতহে অধিক ব্যস্ত হৈ পৰিল আৰক্ষী | ৰাজ্যৰ অধিকাংশ আৰক্ষী বেৰেক, চৰকাৰী কোৱাটাৰৰ অবস্থা বৰ্ণনাতীত | মৈত্ৰী আঁচনিৰ অধীনত থানাসমূহ ধুনীয়া কৰিছে যদিও আৰক্ষীসকলৰ সা সুবিধাৰ মান উন্নত নহ’ল |তেনে এটা ভুত বাংলা সদৃশ এটা আৰক্ষী কেম্প ।

কি কংগ্ৰেছ কি বিজেপি কি অগপ অসমৰ কোনো এখন চৰকাৰৰ আচঁনিয়ে আজিলৈকে ধুকি নাপালে এই কেম্পটো | বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টি গাতে লাগি থকা অসম অৰুণাচল সীমান্তৰ বালিধুঙাত থকা এই আৰক্ষী কেম্পটোৰ অবস্থা দেখিলেই বুজিব পাৰিব ইয়াক লৈ চৰকাৰ কিমান সচেতন |

১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসন কালত ধুকি নোপোৱা কেম্পটো আজিৰ পৰিবৰ্তন কামী বিজেপি চৰকাৰৰ দিনতো ভুত বাংলাতে পৰিনত হৈ ৰব ।

ভুত বাংলা সদৃশ এটা আৰক্ষী কেম্প

কেম্পটোত নাই কোনো ধৰণৰ সা-সুবিধা , নাই বিদ্যুতৰ ব্যৱস্থা, নাই খোৱা পানী ব্যৱস্থা | যুগ যুগ ধৰি এনেবোৰ সুবিধা পৰা বঞ্চিত হৈ কৰ্মত অতিবাহিত কৰি আহিছে কেম্পটো থকা বিষয়া কৰ্মচাৰী সকলে । দুয়োখন ৰাজ্যৰ সীমাত থকা গুৰুত্বপূৰ্ণ কেম্পটোত এইসকল আৰক্ষী কেনেদৰে নিজৰ দায়িত্ব পালন কৰি আছে তাক চাবলৈ সময় নাই বিয়াগোম গৃহ বিভাগৰ |

নুন্যতম সা সুবিধাৰ পৰা বঞ্চিত এই আৰক্ষীসকলে বিভাগীয় ভাবে জনাই আহিছে যদিও কানসাৰ নাই বিভাগটোৰ মুৰব্বীসকলৰো |মানুহ থকাৰ উপযোগী কৰিব নে এই দৰে ভুত বাংলাতেই ৰাখিব এই কেম্পটো সেই কথাবোৰ আগন্তুক সময়ত হে দেখা পোৱা যাব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,274 other subscribers

Leave a comment

Leave a Reply