গুৱাহাটী – মহানগৰী গুৱাহাটীত ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ। মহানগৰীত দোকান-পোহৰ সম্পূৰ্ণ বন্ধ থাকৰ লগতে বেচৰকাৰী চিটি বাছৰ চলাচল বন্ধ থকা পৰিলক্ষিত হয়। ৰাজপথত ব্যক্তিগত বাহনৰ চলাচল দেখিবলৈ পোৱা যায়।

কেন্দ্ৰ চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লীত কৃষক সকলৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মঙলবাৰে কৃষক সকলে ঘোষণা কৰে ভাৰত বন্ধৰ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয়। বিশেষকৈ মহানগৰী গুৱাহাটীত ৰাইজে কৃষক সকলৰ ভাৰত বন্ধৰ আহ্বানক সমৰ্থন জনোৱা দেখিবলৈ পোৱা যায়।

গুৱাহাটীত পুৱাৰ ভাগৰে পৰা গৰিষ্ঠসংখ্যক দোকান-পোহৰ সম্পূৰ্ণ বন্ধ থকাৰ লগতে ৰাজপথত বেচৰকাৰী চিটি বাছ সমূহৰ চলাচল বন্ধ থাকে। ইয়াৰ মাজতে কৃষক সকলৰ ভাৰত বন্ধক সমৰ্থন জনাই মহানগৰীত বিভিন্ন দল-সংগঠনে শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়।

মঙলবাৰে ভাৰত বন্ধৰ সমৰ্থনত এছ এফ আইয়ে প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এছ এফ আইয়ে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে কেন্দ্ৰ চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলে মঙলবাৰে ১১ বজাৰ পৰা ৩ বজালৈ ভাৰত বন্ধৰ আহ্বান কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply