মাইক্ৰ’ফাইনেঞ্চক নাকী লগালে ৰাজ্য চৰকাৰে

নিউজ ডেক্স:- দৰিদ্ৰ জনসাধাৰণক বিভিন্ন প্ৰলোভনৰে ঋণ দিয়াৰ নামত মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহে গ্ৰাহকক হাৰাশাস্তি চলাই অহাৰ পিছত ৰাজ্য চৰকাৰে এই কোম্পানীবোৰক নাকী লগোৱাৰ সিদ্ধান্ত লৈছে |

সেই উদ্দেশ্যে বিধানসভাত গৃহীত হ’ল মাইক্ৰ’ফাইনেঞ্চ বিধেয়ক। এই বিধেয়কে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ লৈ হাৰাশাস্তিৰ সন্মুখীন হোৱা লোকৰ বাবে সকাহ দিব। এতিয়াৰ পৰা এই মাইক্ৰ’ফাইনেঞ্চৰ বাঘজৰী ৰাজ্য চৰকাৰৰ হাতলৈ নিছে |

নতুন বিধেয়ক মতে এতিয়াৰে পৰা মাইক্ৰ’ফাইনেঞ্চৰ ঋণগ্ৰস্ত লোকক হাৰাশাস্তি কৰিব নোৱাৰিব কোনো এজেণ্টে, অনাদায় টকা বিচাৰি আহি হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক। মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিষ্ঠানৰ লগত পঞ্জীয়ন নোহোৱাকৈ কোনো লোকে কৰিব নোৱাৰিব লেনদেন।

মাইক্ৰ’ফাইনেঞ্চৰ গ্ৰাসত পৰি সৰ্বস্ৰান্ত হৈছে অসমৰ লাখ লাখ মহিলা। ঋণক লৈ সৰ্বহাৰা হোৱা মহিলাসকলৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৫০০কোটি টকা।

যোৱা সময়চোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত মাইক্ৰ’ফাইনেঞ্চৰ এজেণ্টে গোহালিৰ গৰু, ঘৰৰ টিনপাত খুলি লৈ যোৱাৰ অভিযোগো উত্থাপন হৈছিল। এজেণ্ট সমুহে মহিলাসকলক বিভিন্ন সময়ত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে।

ইয়াৰ লগতে ৰাজ্যত মাইক্ৰ’ফাইনেঞ্চৰ এজেণ্টৰ আতংকৰ বাবেই আত্মহত্যা কৰাৰো ঘটনা সংঘটিত হোৱাও পোহৰলৈ আহিছে। একাংশ মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানে বছৰেকত ৫০ৰ পৰা ১০০শতাংশ সুত লোৱাৰ কথাও উল্লেখ নোহোৱা নহয়।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গাইড লাইনো নামানে একাংশ মাইক্ৰ ফাইনেঞ্চ প্ৰতিষ্ঠানে। এতিয়াৰ পৰা জনসাধৰণক হাৰাশাস্তি কৰা মাইক্ৰ’ফাইনেঞ্চৰ এজেণ্টৰ হ’ব পাৰে ছমাহ পৰ্যন্ত কাৰাবাস। নিয়ম উলংঘা কৰা মাইক্ৰ’ফাইনেঞ্চৰ ওপৰত ১০হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহা হ’ব। যোৱা সময়চোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মাইক্ৰ’ফাইনেঞ্চ কোম্পানী সমূহক নাকী লগোৱাৰ লগতে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্থ হোৱা গাৱৰ দৰিদ্ৰ লোকসকলক সকাহ দিবৰ বাবে দাবী জনাই আহিছিল |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply