মাজুলী-যোৰহাট সংযোগী দলঙৰ কামৰ শুভাৰম্ভ Credit: ইষ্ট ম'জ'

মাজুলী: মাজুলীবাসীৰ বাবে আজিৰ পৰা এক নতুন যুগৰ সূচনা হ’ল | বছৰৰ পিছত বছৰ ধৰি সংগ্ৰাম কৰি অহা মাজুলীবাসীৰ সপোন সাৰ্থক হ’বলৈ ওলাইছে | মাজুলী আৰু যোৰহাটৰ মাজত এখন পকী দলঙৰ কামৰ আজিৰে পৰা শুভাৰম্ভ কৰে |

মাজুলীবাসীৰ জীৱন যন্ত্ৰণা প্ৰধান অন্তৰাই হিচাপে থিয় দিয়া যোৰহাট মাজুলী সংযোগী দলং খনৰ ভূমি পূজনৰ কাম দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি শুভাৰম্ভ কৰাৰ লগে লগেই দলং খনৰ কাৰিকৰী কামৰো আৰম্ভ হব।

মাজুলীত মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলী বাসীৰ সপোনৰ দলংখন বাবে অনুষ্ঠিত হোৱা মাংগলিক কাৰ্যসূচী ত অংশগ্ৰহণ কৰে। মাজুলী অফলামুখ ঘাটত দক্ষিণপাট সত্ৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা নদী পূজন কাৰ্যসুচীত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোনোৱালে।

ইয়াৰ পাছত ঐতিহাসিক দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী ৰ লগতে কেইবাজনো সত্ৰাধিকাৰ উপস্থিতিত দক্ষিণ পাট সত্ৰৰ গায়ন বায়ন নটুৱা নৃত্যৰ পৰিবেশনৰ মাজতে মুখ্যমন্ত্ৰীৰ লগতে সত্ৰাধিকাৰে নদী পূজন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply