মাজ নিশাৰ পৰা ৫ টকাকৈ কমিব পেট্ৰল ডিজেলৰ দাম Credit: প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৫ টকালৈকে হ্ৰাস পাব৷ বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই ঘোষণা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে, সুৰাৰ ওপৰত আৰোপ কৰা গড় হিচাপত প্ৰায় ২৫% অতিৰিক্ত উপ-কৰ উঠাই দিয়া হৈছে। কোভিড–১৯ৰ সময়ছোৱাত আৰোপ কৰা হৈছিল এই কৰ।

হিমন্ত বিশ্ব শৰ্মাৰ মতে, এই হ্রাসৰ পিছত অসমত পেট্ৰ’ল-ডিজেলৰ মূল্য গুজৰাটৰ পিছতে সৰ্বনিম্ন হ’ব। এই কৰ প্ৰত্যাহাৰ কৰাৰ ফলত অসম চৰকাৰৰ বছৰি ১১০০ কোটি টকাৰ লোকচান হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply