মাহমৰাত জাতীয় যুৱ শক্তিৰ সমিতি গঠন

সোণাৰি- চৰাইদেউ জিলাৰ ১০৫ নং বিধানসভা সমষ্টিত পুনৰ জাতীয়তাবাদৰ ধ্বজ্জা উৰুৱাবলৈ উঠি পৰি লাগিছে জাতীয়তাবাদী শিবিৰৰ লোকসকল। শাসনাধিষ্ঠ বিজেপি দলক মাহমৰাৰ পৰা উৎখাত কৰিবলৈ নৱগঠিত অসম জাতীয় পৰিষদ, ৰাইজৰ দলে প্ৰতিদিনে অনুষ্ঠিত কৰিছে সভা।

বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ ১০৫ নং বিধানসভা সমষ্টি গঠন কৰি বিজেপিক উৎখাতৰ সংকল্প গ্ৰহণ কৰে সমষ্টিটোৰ যুৱকসকলে। মাহমৰা সমষ্টিৰ পানীবিল গোমোঠাৰ নৱজ্যোতি যুৱ সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন প্ৰতিনিধিত্ব মূলক সভাৰ জৰিয়তে ১০৫ নং মাহমৰা সমষ্টিৰ জাতীয় যুৱ শক্তি গঠন কৰা হয়।

মাহমৰা সমষ্টিৰ ১৯ খন গাওঁ পঞ্চায়তৰ দ্বিশতাধিক যুৱকৰ অংশগ্ৰহনেৰ অনুষ্ঠিত হোৱা সভাখনত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক বিশ্বজিৎ টিপমীয়া, ৰঞ্জন কোঁৱৰৰ লগতে বহু কেইগৰাকী নেতা উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply