শিৱসাগৰৰ পদপথৰ কুকুৰৰ বাবে আশ্ৰয় গৃহ

শিৱসাগৰ – শিৱসাগৰৰ পদপথৰ কুকুৰৰ বাবে আশ্ৰয় গৃহ। শীতৰ প্ৰকোপৰ পৰা পদপথৰ কুকুৰক ৰক্ষা কৰাৰ উদ্দেশ্যে আশ্ৰয় গৃহ। ‘বাটৰ ঘৰ’ নামেৰে নামাকৰণ কৰা হ’ল কুকুৰৰ আশ্ৰয় গৃহ। এগৰাকী যুৱ উদ্ভাৱকৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে শিৱসাগৰত স্থাপন কৰা হ’ল কুকুৰৰ বাবে আশ্ৰয় গৃহ।

শিৱসাগৰ জিলাৰ এগৰাকী যুৱ উদ্ভাৱকৰ এক ব্যতিক্ৰমী উদ্যোগত নগৰৰ অঘৰী কুকুৰৰ বাবে স্থাপন কৰা হ’ল ‘বাটৰ ঘৰ’। শীতৰ সময়ছোৱাত যাতে পদপথৰ অঘৰী কুকুৰবোৰে নিৰপদে থাকি নিজকে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিব পাৰে এই উদ্দেশ্যেৰে শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিৎ দুৱৰাই শিৱসাগৰ নগৰৰ পথৰ কাষে কাষে স্থাপন কৰিছে ‘বাটৰ ঘৰ’।

শিৱসাগৰ নগৰৰ ফুকন নগৰৰ মেটেকাঘাটৰ বাসিন্দা অভিজিৎ দুৱৰাই বিগত সময়ছোৱাত বিভিন্ন সামগ্রী উদ্ভাৱন কৰি চৰ্চিত হৈ আহিছে। কৰ’ণা মহামাৰীৰ ফলত চৰকাৰে ঘোষণা কৰা ল’কডাউনৰ সময়ত এইগৰাকী উদ্ভাৱকে ‘ভি ফাইটাৰ’, চেনিটাইজ কৰা চাইকেল, জোনবাই এল ই ডি বাল্ব আদি উদ্ভাৱন কৰি প্ৰশংসা লাভ কৰিছিল।

সদায় এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে কিবা এটা কৰি যোৱা অভিজিৎ দুৱৰাই এইবাৰ পদপথৰ অঘৰী কুকুৰৰ বাবে স্থাপন কৰিলে ‘বাটৰ ঘৰ’ নামৰে আশ্ৰয় গৃহ। শিৱসাগৰ নগৰৰ বৰ্ডিং ৰোডত আনুষ্ঠানিকভাৱে এই ‘বাটৰ ঘৰ’ৰ শুভ উদ্বোধন কৰে শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত আল আজহাৰ আলিয়ে।

উল্লেখযোগ্য যে, পথৰ কাষে কাষে অঘৰী কুকুৰৰ বাবে স্থাপন কৰা ‘বাটৰ ঘৰ’ আশ্ৰয় গৃহৰ যোগেদি শীতৰ সময়ত অঘৰী কুকুৰবোৰ উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে। অভিজিৎ দুৱৰাৰ এই পদক্ষেপক সকলোৱে সঁহাৰি জনোৱাৰ লগতে ভৱিষ্যতে এনে ধৰণৰ কাৰ্যৰ বাবে অভিজিৎ দুৱৰাক ৰাইজে সহায়-সহযোগ আগবঢ়াই যাব বুলিও ৰাইজে আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে, অভিজিৎ দুৱৰাৰ পূৰ্বেও গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰাৰ ছাহিদ আহমেদ নামৰ এজন প্ৰকৃতিপ্ৰেমী যুৱকে ধীৰেনপাৰা অঞ্চলত পদপথৰ অঘৰী কুকুৰৰ বাবে অনুৰূপ ধৰণে আশ্ৰয় গৃহ স্থাপন কৰিছিল।ছাহিদ আহমেদে পদপথৰ কুকুৰৰ বাবে আশ্ৰয় গৃহ স্থাপন কৰাৰ লগতে পদপথত ঘূৰি ফুৰা অন্য জীৱ জন্তুৰ বাবে খাদ্য আৰু খোৱা পানীৰ পাত্ৰও স্থাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply