সোণাৰি: ভোগালীৰ উৰুকাৰ দিনাই সোণাৰিত খাদ্য সামগ্ৰী বিতৰণ কৰিলে যুৱ নেতা লাচিত গগৈয়ে। অভাৱগ্ৰস্ত জনলৈ বিহুৰ জলপান উপহাৰেৰে শুভেচ্ছা জনালে ভোগালী বিহুৰ। উল্লেখ্য যে, বিগত সময়ৰপৰাই আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়ায় আহিছে যুৱ নেতা লাচিত গগৈয়ে।

আজি যুৱ নেতা গৰাকীৰ সোণাৰিস্থিত নিজা বাসভৱনত শতাধিক লোকৰ হাতত বিহুৰ জলপান তথা খাদ্য সামগ্ৰী বিতৰণ কৰে। উৰুকাৰ দিনা দৰিদ্ৰজনৰ বাবে সহায়ৰ হাত আগবঢাই অহা এইজন যুবনেতাৰ প্ৰসংশনীয় কাৰ্যই সকলোকে উত্‍সাহিত কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply