নিউজ ডেস্ক- এতিয়াৰ পৰা স্পীড প’ষ্ট যোগে লাভ কৰিব কেৰেলাৰ সবৰীমালা মন্দিৰৰ ‘স্বামী প্ৰসাদ’। কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ডাক বিভাগৰ এই বিশেষ পদক্ষেপ।

বিশ্বত্ৰাসী কৰোণা মহামাৰীৰ বাবে প্ৰায় সাতমাহ ধৰি বন্ধ হৈ আছিল সবৰীমালা মন্দিৰ।১৬অক্টোবৰত কভিড-১৯ৰ নিৰ্দেশাৱলী অনুযায়ী ভক্তৰ বাবে খুলি দিয়া হয় সবৰীমালা মন্দিৰ।

এতিয়া ঘৰত বহিয়ে ভক্তই লাভ কৰিব সবৰীমালা মন্দিৰৰ ‘স্বামী প্ৰসাদ’ । ইতিমধ্য়ে কেৰেলা ডাকবিভাগে ত্ৰাৱণকৌৰ দেবশ্বম ব’ৰ্ডৰ লগত এখন চুক্তি কৰিছে। মঙলবাৰে ডাকবিভাগে এই সন্দৰ্ভত এখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে। প্ৰেছ বিজ্ঞপ্তি খনত উল্লেখ কৰে যে দেশৰ যিকোনো প্ৰান্তৰ ভক্তই প’ষ্ট অফিচৰ পৰা এই প্ৰসাদৰ বাবে আগতীয়াকৈ বুক কৰিব লাগিব। প্ৰতিটো প্ৰসাদৰ টোপোলাৰ নামত আদায় দিব লাগিব ৪৫০ টকা। এই প্ৰসাদৰ টোপোলাত থাকিব আৰাভানা, আদিয়ষ্টম (ঘি), বিভুতি, কুমকুম, হাল্টী আৰু অৰ্চনাপ্ৰসাদ। এজন ভক্তই এবাৰত ১০ টা পৰ্যন্ত পেকেট বুক কৰিব পাৰে।

প্ৰসাদ বুকিং হৈ যোৱাৰ পিছত ম’বাইলত মেছেজ যোগে এটা স্পীড প’ষ্টৰ নম্বৰ আহিব। এই নম্বৰটোৰে ভাৰতীয় ডাক বিভাগৰ ৱেব ছাইটত গৈ ল’গ ইন কৰি আপোনাৰ পেকেটতো ট্ৰেক কৰি চাব পাৰে।

দেশ-প্ৰান্তৰ ভক্তসকলৰ বাবে ডাক বিভাগে প্ৰসাদৰ বুকিং আৰু ডেলিভাৰী কৰাৰ বাবে সম্পূৰ্ণ পৰিকল্পনা কৰিছে বুলি এগৰাকী বিষয়াই জানিব দিয়ে। ইয়াৰ ফলত সবৰীমালা মন্দিৰৰ এই প্ৰসাদ ডাক বিভাগৰ জড়িয়তে দেশৰ প্ৰতিটো কোণত থকা ভক্তৰ ওচৰলৈ যাবলৈ সাজু হৈছে বুলি বিষয়া গৰাকীয়ে কয়।

ইতিমধ্য়ে সমগ্ৰ দেশৰ প্ৰায় ৯০০০ লোকে প্ৰসাদৰ বাবে আগতীয়া বুকিং আৰম্ভ কৰি দিছে বুলিও প্ৰেছ বিজ্ঞপ্তি খনত উল্লেখ কৰিছে। দিনে দিনে বুকিঙৰ সংখ্য়া বাঢ়ি আছে বুলি উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply