অসাধু ব্যবসায়ীৰ বাবেই বৰাকত নিতৌ ধ্বংস যজ্ঞ

হাইলাকান্দি- অবৈধ ভাবে বনজ সম্পদ ধ্বংস কৰি অহা এচাম অসাধু ব্যবসায়ীৰ বাবেই বৰাকত নিতৌ ধ্বংস যজ্ঞ চলি আহিছে | বিভাগীয় ভাবে মাজে মাজে এইবোৰৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিছে | শেহতীয়াকৈ হাইলাকান্দি বন বিভাগৰ অভিযানত জব্দ হ’ল ২ খন অবৈধ বালি ভৰ্তি ট্ৰাক। হাইলাকান্দি জিলাৰ বাওয়াঘাট পৰা জব্দ কৰে এই নথি বিহীন অবৈধ বালি ভৰ্তি ট্ৰাক দুখন। জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ হল AS11-CC-062 আৰু এখন হল AS24-C 6031 |

জব্দ কৰা সন্দৰ্ভত জনায় হাইলাকান্দি বন বিষয়া, মিনাল কান্তি নাথে । বন বিভাগ এনেদৰে সক্ৰিয় হলে সফলতা পায় যদিও কাৰ্যত সেইয়া নিয়মীয়া নহয় | প্ৰত্যেক দিনা প্ৰায় শ শ অবৈধ বালি আৰু শিল ভৰ্তি ট্ৰাক পাৰ হৈ যোৱাৰ পিছতো বন বিভাগ এই ক্ষেত্ৰত কঠোৰ হোৱা দেখা নাযায় | বন বিভাগ কঠোৰ হোৱাতো বিচাৰে ৰাইজে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,279 other subscribers

Leave a comment

Leave a Reply