মোৰাঝাৰ আৰক্ষীৰ তৎপৰতাত উৎখাত বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ

ডবকা- মোৰাঝাৰ থানাৰ অন্তৰ্গত যমুনাগাঁৱৰ পৰা আৰক্ষীয়ে উৎখাত কৰিছে বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰক ৷ সোমবাৰে নিশা ১০.৩০ বজাত হোজাই উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত মোৰাঝাৰ আৰক্ষী বিষয়া কবিৰ সিং লিম্বু আৰু দেৱস্থান উপ আৰক্ষী চকীৰ বিষয়া ধনেশ্বৰ দাসে অভিযান চলাই যমুনাগাঁৱৰ পৰা নাৰী দেহ ব্যৱসায়ী চক্ৰ আৰু নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত পৰা উদ্ধাৰ কৰে কিশোৰী আৰু যুৱতীসকলক৷

বৰ্হিৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী আৰু যুৱতীসকলক ৷ আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ এজন যুৱক আৰু তিনিগৰাকী মহিলা আৰু এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়৷

এই নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত এটা আন্তৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ বৰ্হিৰাজ্যত বিক্ৰী কৰিবলৈ এই সৰবৰাহকাৰী চক্ৰটোৱে তিনিচুকীয়া তথা ইয়াৰ আশে পাশে থকা অঞ্চলৰ পৰা কৰ্মসংস্থাপন দিয়াৰ চলেৰে ফুচলাই আনিছিল কিশোৰী আৰু যুৱতীসকলক৷

হোজাই উপ আৰক্ষী অধীক্ষক দীপ্তি মালী আৰু মোৰাঝাৰ আৰক্ষীৰ সঠিক পদক্ষেপৰ বাবে ৰক্ষা পৰিল ১১ গৰাকীকৈ কিশোৰী ৷ স্থানীয় ৰাইজে আৰক্ষীৰ এই ভূমিকাক প্ৰশংসা কৰি নাৰী সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ দাবী জনাইছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply