নিউজ ডেস্ক: গণতন্ত্ৰ দিৱসৰ দিনা প্ৰতিবাদী কৃষকৰ প্ৰস্তাৱিত ট্ৰেক্টৰ ৰেলীৰ কাৰ্যসূচী এতিয়াও অনিশ্চয়তাত। সোমবাৰে উচ্চতম ন্যায়ালয়ে দিয়া এক ৰায়দানত কোৱা হৈছে যে ৰাজধানী চহৰ দিল্লীত কৃষক ট্ৰেকৰ ৰেলী আইন শৃংখলাজনিত বিষয়। সেয়ে দিল্লীত কাক প্ৰৱেশ কৰিবলৈ দিব সেই সিদ্ধান্ত আৰক্ষী আৰু প্ৰশাসনে গ্ৰহণ কৰিব।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই সম্পৰ্কে আবেদন দাখিল কৰা এ পি সিঙক কয় যে, দিল্লীত কোনে প্ৰৱেশ কৰিব বা কোনে নকৰে সেয়া আৰক্ষীয়ে নিৰ্ধাৰণ কৰিব,ন্যায়ালয় ইয়াৰ প্ৰথম কৰ্তৃত্ব নহয়। উল্লেখ্য যে এ পি সিঙে ৰামলীলা মৈদানত এই ট্ৰেক্টৰ শোভাযাত্ৰাৰ বাবে অনুমতি বিচাৰিছিল।আনহাতে মুখ্য ন্যায়াধীশে কয় যে উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কে বুধবাৰে শুনানি গ্ৰহণ কৰিব। প্ৰতিবাদী কৃষকৰ ৪১ টা ইউনিয়নে যোৱা সময়চোৱাত ৯ বাৰকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিছে যদিও কোনোধৰনৰ সমাধানৰ সুত্ৰ ওলোৱা নাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply