ছেৰ্ফাংগুৰি- আক্ৰাছুৰ শ্বহীদ দিৱসত উপস্থিত স্বাস্থ্য,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ত চিলাৰায় বিশ্ব বিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে ।

সোনকালেই কমতাপুৰ স্বায়ত্ব পৰিষদ লগতে কোচৰাজবংশীৰো জনজাতিকৰণ হ’ব বুলি ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে৷ গুজৰাট আৰু পশ্চিম বংগ ৰ উন্নতি সম্ভৱ হৈছে শিক্ষা আৰু ব্যৱসায়ত ৷ শিক্ষা সংস্কৃতিত উন্নতি হ’লেহে কোচ ৰাজবংশীৰ উন্নতি সম্ভৱ হৱ ৷ তদুপৰি, কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ দায়িত্ব আনুষ্ঠানিক ভাৱে অৰ্পণ কৰিলে আক্ৰাছুৰ সম্পাদক গকুল বৰ্মনক ৷

শ্বহীদ পৰিয়াললৈ ৫ লাখকৈ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলোকে এক গোট হ’বলৈও আহ্বান জনায় ৷ উল্লেখ্য যে আক্ৰাছুৰ শ্বহীদ দিৱসত প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী , পৰ্য্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা , বিধায়ক অশ্বিনী ৰায় সৰকাৰ , বিধায়ক অশোক সিংহি ৰ লগতে আন বহুতো উপস্থিত থাকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,843 other subscribers

Leave a comment

Leave a Reply