অসম প্রকাশন পৰিষদৰ উদ্যোগত ১২ দিনীয়াকৈ গুৱাহাটী গ্ৰন্থমেলা

গুৱাহাটী:- অসম প্রকাশন পৰিষদৰ উদ্যোগত ১২ দিনীয়াকৈ আৰম্ভ হোৱা ৩৩ সংখ্যক গুৱাহাটী গ্রন্থমেলা আজিৰে পৰা চানমাৰীৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আৰম্ভ হৈছে | নতুন দিল্লী, কলকাতা, অসমকে ধৰি মুঠ ১১৭টা প্রকাশন গোষ্ঠী তথা গ্রন্থ বিক্রেতা প্রতিষ্ঠানে অংশগ্রহণ কৰিছে গুৱাহাটী গ্রন্থমেলাত | ৩০ ডিচেম্বৰৰ বিয়লি উদ্বোধন কৰে মুখ্যমন্ত্রীৰ প্ৰেছ উপদেষ্টা হৃঋিকেশ গোস্বামীয়ে | অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লয় ত্ৰিপুৰাৰ প্ৰাক্তণ ৰাজ্যপাল তথাগত ৰয় আৰু বিশিষ্ট অতিথি ৰূপে অংশ লয় অৰুণাচলৰ বিশিষ্ট লেখক, সাহিত্যিক য়েছে দৰজে ঠংচিয়ে |

অসম প্রকাশন পৰিষদে প্রদান কৰি অহা জীৱনজোৰা সাধনা বঁটা ২০১৯ বর্ষৰ বাবে বিশিষ্ট গৱেষক সাহিত্যিক, সংস্কৃত ভাষাৰ পণ্ডিত ড০ থানেশ্বৰ শর্মা আৰু ২০২০ বর্ষৰ বাবে বিশিষ্ট সাহিত্যিক, ভাষাতত্ত্ববিদ, অভিধান প্রণেতা ড০ ৰমেশ পাঠকক নিৰ্বাচিত কৰিছে |

এইবাৰ গ্রন্থমেলাত দিল্লীৰ ৫খন, কলকাতাৰ ৮খন আৰু অসমৰ ৯২খন প্রতিষ্ঠানে অংশগ্রহণ কৰিছে | বিপণীসমূহৰ ভাৰা পূর্বতকৈ এইবাৰ ১০ শতাংশ হ্রাস কৰা হৈছে৷ গ্রন্থপ্রেমীসকলে বিনামূলীয়াকৈ গ্রন্থমেলাত প্রৱেশ কৰিব পাৰিব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply