প্ৰাথমিক শিক্ষক সন্মিলনীৰ আন্দোলন

নিউজ ডেস্ক: ৰাজ্যৰ প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ কর্তন কৰা ৮,৭০০ টকাৰ গ্রেড পে’ ঘূৰাই দিয়াৰ দাবীৰে শুকুৰবাৰে মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও কার্যসূচী ৰূপায়ণ কৰিবলৈ ওলোৱা প্রাথমিক শিক্ষক সমাজক বাধা আৰক্ষী প্ৰশাসনৰ | গুৱাহাটীৰ লখৰাস্থিত উদয়ন কৃষ্টিসংঘৰ বাকৰিত প্রাথমিক শিক্ষকসকলে বিক্ষোভ সমাৱেশ অনুষ্ঠিত কৰাৰ পাছতে মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও কার্যসূচী ৰূপায়ণ কৰিবলৈ যোৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰে | আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া শিক্ষকসকলকো বাধা দিয়ে আৰক্ষীয়ে |

অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে কয়, “২০১৯ বর্ষৰ ৩০ ডিচেম্বৰত মুখ্যমন্ত্রীৰ সৈতে হোৱা আনুষ্ঠানিক আলোচনাত ৰাজ্যৰ প্রাথমিক বিদ্যালয়সমূহৰ জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদ প্রধান শিক্ষকলৈ পদোন্নিত কৰাৰ নির্দেশনা দিছিল৷ কিন্তু মুখ্যমন্ত্রীৰ এই নির্দেশনাৰ এবছৰ অতিক্রম কৰাৰ পাছতো এই নির্দেশ কার্যকৰী নহ’ল৷ যাৰ বাবে এই সমগ্র প্রক্রিয়াটোক লৈ প্রাথমিক শিক্ষকসকল সন্দিহান হৈ পৰিছে৷”

প্রাথমিক শিক্ষক সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে কয় “যোৱা ১২ জানুৱাৰীৰ পৰা ৰাজনৈতিক দলসমূহলৈ স্মাৰক–পত্র প্রদানৰ কাম আৰম্ভ কৰা হৈছে৷ এই পত্রযোগে প্রাথমিক শিক্ষা আৰু শিক্ষকৰ সমস্যা নিৰ্বাচনী ইস্তাহাৰত সন্নিৱিষ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ৷ ৰাজ্যখনৰ প্রাথমিক শিক্ষা ক্ষেত্রখনত ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰ পৰা ৰক্ষা কৰাৰ সংকল্প গ্রহণ কৰি কোনো ক্ষেত্রতে যাতে ৰাজহুৱা প্রাথমিক শিক্ষা ব্যৱস্থা ৰাজহুৱা–ব্যক্তিগত ব্যৱস্থাৰে চলিব নোৱাৰে তাৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছো৷”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply