অখিল গগৈৰ মুক্তিৰ দাবীৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

গুৱাহাটী– এখন দেৱাল মচি বিৰত্ব প্ৰদৰ্শন কৰা অসম চৰকাৰক আজি ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে দেৱাল অংকণ কৰি প্ৰত্য়াহ্বান জনালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

উল্লেখ্য় যে বৃহস্পতিবাৰে এটা সংগঠনৰ শিল্পী সকলে গুৱাহাটীৰ বশিষ্টৰ এখন দেৱালত অখিল গগৈৰ প্ৰতিচ্ছবি অংকণ কৰি আৰক্ষীৰ ৰোষত পৰিছিল। শিল্পীকেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই সোণোৱাল চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শুক্ৰবাৰে ৰাজ্য়জুৰি প্ৰতিবাদ কৰে।

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

“অখিল অসমীয়াৰ মনত, অখিল অসমীয়াৰ প্ৰাণত,আহা মচি যোৱাহি” শ্লোগানেৰে দেৱাল ভৰাই সোণোৱাল চৰকাৰক কঠোৰ প্ৰত্য়াহ্বান জনালে সংগঠনটোৱে। তিনিচুকীয়াৰো বিভিন্ন অঞ্চলত সংগঠনটোৱে অখিল গগৈৰ প্ৰতিচ্ছবি অংকণৰ লগতে “অখিল গগৈক মুক্তি দিয়ক”, “ৰিলিজ অখিল গগৈ” শ্লোগানেৰে দেৱাল অংকণ কৰে।তিনিচুকীয়া সদৰত সংগঠনটোনটোৰ উপসভাপতি লক্ষ্য়জ্য়েতি গগৈৰ নেতৃত্বত কাৰ্যসূচী ৰূপায়ন হোৱাৰ লগতে মাৰ্ঘেৰিটাত নেতৃত্ব প্ৰদান কৰে পাপু দত্তই।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

একেসময়তে ডিগবৈৰ বিভিন্ন অঞ্চলতো দেৱাল অংকণ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে। ডিব্ৰুগড় জিলাৰ চাবুৱা,শিৱসাগৰ জিলাৰ ডিমৌ,আমগুৰি,শিৱসাগৰ সদৰ আৰু চৰাইদেউৰ বিভিন্ন অঞ্চলত অখিল গগৈৰ প্ৰতিচ্ছবি অংকণ আৰু মুক্তিৰ দাবীৰে দেৱাল অংকণ কাৰ্যসূচী ৰূপায়ন কৰে।যোৰহাট জিলা সদৰত, ফৰকাটিং,গোলাঘাটৰ টেঙাপানী,মৰঙীৰ লগতে মৰিগাওঁ,গোৱালপাৰা,কৃষ্ণাই,ধুবুৰী,বিলাসীপাৰা,ৰঙিয়া,গোৰেশ্বৰতো অখিল গগৈৰ মুক্তিৰ দাবীত শ্লোগান লিখি আৰু পোষ্টাৰিং কৰি প্ৰতিবাদ সাব্য়স্ত কৰে সংগঠনটোৱে। ৰাজ্য়ৰ বিভিন্ন জিলাত দেৱাল অংকণৰ সময়ত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে যোৰহাট জিলাৰ সভাপতি ভৈৰৱ বৰাক আটক কৰে আৰক্ষীয়ে। কালি ৰাজ্য়খনৰ বিভিন্ন দেৱাল ভৰি পৰে অখিল গগৈৰ প্ৰতিচ্ছবিৰে।

আনহাতে বশিষ্টৰ দেৱালত অংকণ কৰা প্ৰতিচ্ছবি প্ৰশাসনে মচি পেলোৱা কাৰ্যক অসমবাসী ৰাইজে এইদৰে প্ৰত্যাহ্বান জনাই যাব বুলি সংগঠনটোৱে হুংকাৰ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply