গুৱাহাটী – ব্যাপক খহনীয়া আৰম্ভ হৈছে কংগ্ৰেছত। এইবাৰ কংগ্রেছৰ দুৰ্গ হিচাপে খ্যাত গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি চর্চা চলি থকাৰ মাজতেই কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ নেতা তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়েও কংগ্রেছ এৰিবলৈ সাজু হৈছে৷ ইতিমধ্যে বি টি চিত বিজেপিৰ নির্বাচনী সভাত অংশগ্রহণ কৰিছে বিশ্বজিৎ ৰায়ে৷ ইয়াতকে লৈ কংগ্ৰেছৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰা হৈছে বিশ্বজিৎ ৰায়লৈ।

প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক হৈ থকা অৱস্থাতেই বিজেপিৰ নির্বাচনী সভাত অংশগ্রহণ কৰা কার্যই কংগ্রেছৰ অভ্যন্তৰত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত তেওঁক কিয় অভিযুক্ত কৰা নহ’ব, সেই সন্দর্ভত তিনিদিনৰ ভিতৰত উত্তৰ দিবলৈ আজি প্রদেশ কংগ্রেছে জাননী জাৰি কৰিছে৷

তথ্য অনুসৰি, বিগত ১৩ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ ছালাকাটিত অনুষ্ঠিত বিজেপিৰ এখন নির্বাচনী সভাত ড০ হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সৈতে বিশ্বজিৎ ৰায় উপস্থিত আছিল৷

বিজেপিৰ নির্বাচনী সভাত উপস্থিত থকা বাবে হোৱা প্রতিক্রিয়াৰ প্রত্যুত্তৰত বিশ্বজিৎ ৰায়ে কয় যে বিজেপিয়ে যদি তেওঁক আঁকোৱালি লয় তেন্তে তেওঁ বিজেপিক আঁকোৱালি লোৱাত অসুবিধা নাই৷ বিজেপিয়ে যদি তেওঁক জাতিৰ হৈ কাম কৰাৰ সুযোগ দিয়ে, কোঁচ-ৰাজবংশীৰ জনজাতিকৰণৰ দাবী সফল কৰাত বিজেপিয়ে সঁহাৰি দিয়ে, তেন্তে তেওঁ বিজেপিৰ কাষ চপাত অসুবিধা ক’ত বুলি প্রশ্ন কৰে৷ অৱশ্যে কেতিয়ালৈ বিজেপিত যোগদান কৰিব সেই কথা বিশ্বজিৎ ৰায়ে সদৰী কৰা নাই৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply