ডিব্ৰুগড় বিশ্ববিদ্যালয়তো দুগৰাকীৰ দেহত ওলাল ক'ভিডৰ ভাইৰাছ Credit: ফাইল ফটো

নিউজ ডেস্ক: ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা | দিনক দিনে বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ স্বাস্থ্য বিভাগে জনসাধাৰণক সাবধানতা অবলম্বন কৰিবৰ বাবে জনাইছে | মাস্ক পিন্ধাতো বাধ্যতামূলক কৰা হৈছে যদিও কোনো লোকেই এতিয়া মাস্ক পৰিধান নকৰা দেখা যায় |

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰত দুগৰাকী শিক্ষাৰ্থী ইশিকা গগৈ আৰু ৰিচা দত্তৰ দেহত কোভিড পজিটিভ পোৱাৰ পিছতে বিশ্ববিদ্যালয়ৰ চৌহদত এক আতংকই বিৰাজ কৰিছে। ঘটনাৰ গুৰুত্ব আৰু সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যই ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰটো সাত দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে।

লগতে নিৰ্দেশনা যোগে কেন্দ্ৰটোৰ সকলো শিক্ষাৰ্থী, শিক্ষক, বিষয়া,কৰ্মচাৰীক সাত দিনৰ বাবে নিজ গৃহত কোৱাৰেণ্টাইন হোৱাৰ লগতে কোৰোণা পৰীক্ষা কৰোৱাইছে । তদুপৰি ছাত্ৰীদুগৰাকী থকা ব্যক্তিগত হোষ্টেলটোৰ লগতে কাষৰীয়া অঞ্চলটোৰ পৰীক্ষা কৰাইছে জিলা স্বাস্থ্য বিভাগে |

আনহাতে কোৰোণাৰ সংক্ৰমণ বৃদ্ধি হোৱা দেখি শংকিত মহানগৰীৰ বিদ্যালয়সমূহ। ছেইণ্ট মেৰীজ হাইস্কুলে বাতিল কৰিলে অফলাইন পৰীক্ষা।বিদ্যালয়খনে নবম আৰু দশম শ্ৰেণীৰ বাদে বাকীবোৰ শ্ৰেণী ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাসমূহৰ প্ৰশ্নকাকত অভিভাৱকে স্কুলৰ পৰা সংগ্ৰহ কৰি ঘৰতে পৰীক্ষা দিয়াই সময়ত স্কুলত জমা দিবলৈ কোৱা হৈছে | নবম আৰু দশম শ্ৰেণীৰ পৰীক্ষা ব’ৰ্ডৰ দ্বাৰা অনুষ্ঠিত হয় বাবে তাক সম্পূৰ্ণ সুৰক্ষিত ভাবে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে | পানবজাৰৰ ডনবস্কো বিদ্যালয়ৰ দুগৰাকী শিক্ষয়িত্ৰীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই বিশেষকৈ ব্যক্তিগত খন্ডৰ বিদ্যালয় সমূহ অধিক সচেতন হৈ পৰিছে ।

আনহাতে মেঘালয়ত কৰ্মৰত মানকাছৰৰ শ্ৰমিক এগৰাকী ছুটীত ঘৰলৈ অহাৰ সময়ত কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰো ইতিমধ্যে জানিব পৰা গৈছে । শ্ৰমিক গৰাকীক ঘৰতে কোৱাৰেন্টাইন হৈ থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে ।

শেহতীয়াকৈ অসমত পুনৰ লকডাউন দিব বুলি সামাজিক মাধ্যমত এক ভুৱা খবৰ প্ৰচাৰ চলিছে । ৰাজ্যত বৰ্তমানে কোনো লকডাউন ঘোষণা কৰাৰ বাবে স্বাস্থ্য বিভাগে কোনো ধৰনৰ নিৰ্দেশনা প্ৰেৰণ কৰা নাই । স্বাস্থ্য বিভাগে সকলো জনসাধৰণক কোভিডৰ নীতি নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনাই ।

ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে ১১জন লোক কোৰোণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭ তাৰিখে ২১জন, ১৮ তাৰিখে ১৯জন, ২০ তাৰিখে ১৬জন আৰু ২১ ফেব্ৰুৱাৰী দেওবাৰে ৯ জনকৈ লোক কোৰোণাত আক্ৰান্ত হোৱা খবৰ জানিবলৈ দিলে ৰাজ্য চৰকাৰৰ স্বাস্থ্য সচিবগৰাকীয়ে ৷ স্বাস্থ্য সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে, অসমত এই সংখ্যা ২ লাখলৈ বৃদ্ধি হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply