অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ ১ ফেব্ৰুৱাৰীৰ পৰা শাৰিৰীক পৰীক্ষা

নিউজ ডেস্ক: অসম আৰক্ষীৰ ৫৯৭ টা উপ-পৰিদৰ্শক পদত নিযুক্তিৰ বাবে অহা ১ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষীৰ বাহিনীৰ ‘পেৰেড গ্ৰাউণ্ড’ত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট (পি এছ টি) আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ( পি ই টি) অনুষ্ঠিত হ’ব।

এই পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে প্ৰাৰ্থী সকলে পদ সমুহৰ বিষয়ে জানিবৰ বাবে www.slprbassam.in ৱেবচাইটৰ ব্যৱহাৰ কৰিব পাৰে।

আনহাতে, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসম আৰক্ষীত খালী হৈ থকা অন্যান্য পদসমূহ পুৰণ কৰাৰ বাবেও প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

ইতিমধ্যে বাতিল হোৱা আৰক্ষী অনিষ্টবলৰ পৰীক্ষা অহা মাহত পুনৰ নতুনকৈ আৰম্ভ কৰিবলৈ ব’ৰ্ডে যাৱতীয় প্ৰস্তুতি চলাইছে। সেইদৰে অসম আৰক্ষী আনাতাঁৰ সংস্থা, অগ্নি আৰু আপদকালীন সেৱা আৰু কাৰাগাৰ বিভাগত খালী হৈ থকা পদসমূহ পুৰণৰ ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ তাৰিখ সম্পৰ্কে প্ৰাৰ্থী সকলক অৱগত কৰা হ’ব I

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply