অৰুনাচলৰ ৰাজনীতিৰ নতুন মোৰ

নিউজ ডেক্স:- বিজেপিয়ে এইবাৰ মিত্ৰদল নীতিশ কুমাৰৰ জেডি(ইউ)ত মোক্ষম আঘাত হানিছে অৰুণাচল প্রদেশত | সাতগৰাকী জেডি(ইউ)ৰ বিধায়কৰ ৬গৰাকীয়েই যোগদান কৰিছে বিজেপিত ৷ ৰাজ্যখনৰ বিধানসভাৰ পৰা প্রকাশ কৰা এক বিবৃতিত এই তথ্য সদৰী হোৱাৰ লগে লগে ক্ষুব্ধ হৈ পৰিছে জেডি(ইউ)ৰ শীর্ষ নেতৃত্ব৷ লক্ষণীয়ভাৱে পিপল্ছ পার্টী অৱ অৰুণাচল (পিপিএ)ৰ একমাত্র বিধায়ক কার্ডো নিগায়ৰেও যোগদান কৰিছে বিজেপিত |

পঞ্চায়ত আৰু পৌৰ নির্বাচনৰ ফলাফল ঘোষণা হ’বলৈ কিছু সময় থকাৰ সময়তে গেৰুৱা দলটোত চামিল হৈছে জেডি(ইউ)ৰ ৬ আৰু পিপিএৰ এগৰাকী বিধায়কে৷ বিজেপিত যোগদান কৰা জেডি(ইউ)ৰ ৬ বিধায়ক হৈছে– ৰামগংগৰ তালেম তাব’হ, ছায়াং তাজোৰ হায়েং মাংফি, তালিৰ জিক্কে তাকো, কালাকটাঙৰ দর্জি ৱাংডি খৰমা, বমডিলাৰ ডংৰু ছিয়ংজু আৰু মাৰিয়াং–গেকু সমষ্টিৰ কানগং তাকু৷

যোৱা মাহত দলবিৰোধী কার্যকলাপৰ বাবে জেডি(ইউ)ৰ তৰফৰ পৰা কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হৈছিল ছিয়ংজু, খৰমা আৰু তাকুলৈ৷ পৰৱর্তী সময়ত তিনিওগৰাকীকে দলৰ পৰা নিলম্বন কৰা হৈছিল | মিত্ৰদলৰ জেডি(ইউ)ৰ বিধায়কসকলে দলীয় নেতাৰ অজ্ঞাতেই বিজেপিত যোগদান কৰা কাৰ্যত অসন্তোষ্ট দলীয় নেতৃত্ব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply