শিৱসাগৰত কংগ্ৰেছৰ দলীয় নেতা কৰ্মীৰ সৈতে মিলিত হৈছে নতুন তত্বাবধায়ক

উজনি অসমত কংগ্ৰেছী নেতাৰ দলীয় বিদ্ৰোহে দলটোক জৰ্জৰিত কৰাৰ সময়ত দলটোক উদ্ধাৰৰ দায়িত্ব দিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায়ক | যি সময়ত উজনিৰ কংগ্ৰেছী নেতাই দলটোৰ ৰাজ্যিক নেতৃত্বৰ ওপৰতো প্ৰশ্ন তুলিছে যদিও কেন্দ্ৰীয় নেতৃত্বই বিষয়টোক লৈ কোনো গুৰুত্ব দিয়া নাই | এতিয়া এই সমস্যাৰ পৰা উদ্ধাৰৰ বাবে উজনি অসমত দলীয় নেতা কৰ্মীৰ সৈতে বৈঠকত নামিছে কেন্দ্ৰীয় নেতাজন | যোৰহাট ,শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ কৰ্মীৰ সৈতে আলোচনাত বহিছে |

শিৱসাগৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত নাজিৰা ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আই’ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কল্যাণ গগৈৰ লগতে শিৱসাগৰ জিলা কংগ্ৰেছৰ আৰু প্ৰতিটো ব্লকৰ বিষয়ববীয়া আৰু কর্মী উপস্থিত থাকে। নেতা গৰাকীয়ে যোৰহাটতো এখন বিশেষ দলীয় সভাত অংশ গ্ৰহণ কৰে।

উজনি অসমৰ দায়িত্ব লৈ অহা জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে অজন্তা নেওগৰ দলত্যাগৰ প্ৰসংগত একো নাজানে বুলি সংবাদমাধ্যমক জনোৱাৰ কিছু ঘন্টাৰ পিছতেই নেতা গৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰে | উজনি অসমৰ অন্যতম শক্তিশালী নেত্ৰীগৰাকীয়ে দলৰ পৰা পদত্যাগ আৰু বিধায়ক পদ ত্যাগ কৰাৰ আগলৈকে উজনিৰ তত্বাবধায়ক গৰাকীৰ হাতত কোনো তথ্য নথকাৰ পিছত অঞ্চলটোৰ কংগ্ৰেছ কৰ্মীসকলক কি মন্ত্ৰণাৰে বুজনি দিব সিও চাব লগীয়া হ’ব |

যোৰহাটত দলীয় নেতা কৰ্মীৰ সৈতে মিলিত হৈছে কংগ্ৰেছৰ নতুন তত্বাবধায়ক

ইয়াৰ বিপৰীতে কংগ্ৰেছী তত্বাবধায়ক গৰাকীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে, ‘বিজেপিৰ বাবে বিভিন্ন স্থানত ধৰ্ম , জাত-পাতক লৈ হিংসাত্মক পৰিৱেশৰ সৃষ্টি হৈছে । বিজেপিয়ে ধনবল আৰু ক্ষমতাৰ অপপ্ৰয়োগ কৰি বহুকেইটা নিৰ্বাচনত জনসাধাৰণৰ ৰায়ৰ বিপৰীতে চৰকাৰ গঠন কৰিছে। নিজৰ দলৰ লোকৰ ওপৰত বিশ্বাস নথকা বাবেই যিকোনো উপায়েৰে বিজেপিয়ে বিৰোধী দলৰ নেতাসকলক বিভিন্ন কৌশলেৰে নিজৰ দলত যোগদান কৰোৱাই নিৰ্বাচন পাৰ কৰাৰ পৰিকল্পনা কৰিছে।’

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোৱা সময়চোৱাত ৰাজ্যিক সভাপতিক অপসাৰণ কৰি নতুন এজনক দায়িত্ব দিবৰ বাবে মুকলিকৈ প্ৰকাশ কৰি আছিল | তাৰো কোনো উত্তৰ নাই নেতা গৰাকীৰ হাতত | বিশেষকৈ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাক লৈ কংগ্ৰেছৰ উজনী অসমৰ নেতাসকলৰ মাজত মতানৈক্য হৈ আহিছে | উজনিৰ নেতা সকলৰ বিৰোধৰ বাবেই আজিলৈকে এই মিত্ৰতা সম্ভব হৈ উঠাগৈ নাই | এই সকল নেতাক এতিয়া কেনেকৈ বুজনি দিব কেন্দ্ৰীয় নেতা গৰাকীয়ে |

শিৱসাগৰত কংগ্ৰেছৰ দলীয় নেতা কৰ্মীৰ সৈতে নতুন তত্বাবধায়ক

উজনি অসমৰ দায়িত্বত থকা উপাধ্যায়ৰ অধীনত আছে ৩৮টা বিধান সভা সমষ্টিৰ চোৱা-চিতাৰ দায়িত্ব। দলীয় বিদ্ৰোহ আৰু নেতৃত্ব সলনিৰ দাবী , এজনৰ পিছত আনজন নেতা কৰ্মীৰ দলত্যাগৰ ফলত দলটোৰ অৱস্থা আজি কাঢ়িল | কেনেকৈ এই অবস্থাৰ পৰা উপশম পাব দলটো তাৰ উত্তৰ বিচাৰি আহিছে কেন্দ্ৰীয় নেতা বিকাশ উপাধ্যায় | নিৰ্বাচনলৈ হাতত মাত্ৰ কেইটামান মাহ এনে সময়ত ৰাজ্যিক নেতৃত্বৰ ওপৰত নাৰাজ উজনিৰ অধিকাংশ কংগ্ৰেছ কৰ্মী | দেশৰ অন্যতম পুৰণি ৰাজনৈতিক দলটোৰ বিশেষকৈ উজনি অসমত চলি থকা অস্থিৰতাৰ উপশম এই গৰাকী নেতাৰ কৌশলে বচাব পাৰিবনে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply