কৃষি আইন প্ৰয়োগ কৰাত বাধা উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেক্স: উচ্চতম ন্যায়ালয়ে অবশেহত কৃষি আইন প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিলে | মঙলবাৰে ন্যায়ালয়ে এই নিৰ্দেশ দিয়াৰ লগতে এই আইন তিনি খনক লৈ নতুন উচ্চস্তৰীয় কমিটি গঠন কৰি কৃষি বিশেষজ্ঞৰ লগতে কৃষক সংঘৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ নিৰ্দেশ দিয়ে |

ন্যায়ালয়ে গঠন কৰি দিয়া কমিটি খনত ভাৰতীয় কৃষান ইউনিয়নৰ ভুপিন্দৰ সিং মান, অনিল ঘান্টৱাত, ড° প্ৰমোদ যোশী, কৃষি বিশেষজ্ঞ অশোক গুলাটীক দায়িত্ব দিছে |তেওলোকৰ ৰিপ’ট নোপোৱালৈকে এই আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰে |

সোমবাৰে তিনি কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত ন্যায়ালয়ে চৰকাৰৰ ভুমিকাক লৈ অসন্তোষ্টি প্ৰকাশ কৰিছিল |

কেন্দ্ৰই গণৰাজ্য দিৱসত ২৬ জানুৱাৰী কৃষকৰ ট্ৰেক্টৰ ৰে’লত নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত দিল্লী আৰক্ষীয়ে দাখিল কৰা আবেদনৰ ওপৰতো ন্যায়ালয়ে শুনানী কৰে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply