ছয়গাঁও – দক্ষিণ কামৰূপৰ ছয়গাঁৱত অবৈধ আধাৰ কাৰ্ড বনোৱা ঘাটি উৎখাত ৷ ছয়গাঁৱৰ সংখ্যালঘু অধ্যুষিত অঞ্চল গৰৈমাৰীৰ কৰাইবিলত বৃহস্পতিবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে অবৈধ আধাৰ কাৰ্ড বনোৱা এটি কেন্দ্ৰত চলাই অভিযান ৷ দীৰ্ঘদিন ধৰি গৰৈমাৰীৰ বৃহত্তৰ এলেকাত নিশাৰ ভাগত অবৈধভাৱে ভুৱা আধাৰকাৰ্ড বনোৱা কাৰ্য চলাই আছিল বুলি আৰক্ষীয়ে জানিব পাৰি এই অভিযান চলাই ৷প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবে এনেদৰে অঞ্চলটোত চলি আহিছে ভুৱা আধাৰ কাৰ্ডৰ ৰমৰমীয়া ব্যৱসায় ৷ অভিযোগমতে ছমৰীয়া ৰাজহ চক্ৰ এলেকাৰ একাংশ আধাৰ কেন্দ্ৰৰ স্বত্তাধিকাৰীয়ে ছয়গাঁৱৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি নিশাৰ ভাগত ধনৰ বিনিময়ত অবৈধভাৱে চলাই আহিছিল ভুৱা আধাৰ কাৰ্ডৰ নামত ব্যৱসায় ৷

গোপন সুত্ৰৰ পমখেদি ছয়গাঁৱৰ কৰাইবিল গাঁৱৰ তাজিমুদ্দিনৰ ঘৰত ছয়গাঁও থানাৰ খৱৰৰ ভিত্তিত জোৰশিমুলী আৰক্ষীয়ে অভিযান চলাই দুজনকৈ ভুৱা আধাৰ কাৰ্ড বনোৱা লোকক আটক কৰাৰ লগতে স্কেনাৰ, বায়োমেট্ৰিক, লেপটপকে ধৰি আধাৰ কাৰ্ড বনোৱাত ব্যৱহৃত যাৱতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰৰ স্বত্তাধিকাৰী মহেন্দ্ৰ মণ্ডল আৰু সঞ্জীৱ কুমাৰ বিশ্বাসকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বকোৰ ত্ৰিলোচন গাঁও পঞ্চায়ত কাৰ্যালয়ৰ আধাৰ কেন্দ্ৰত নিয়োজিত আছিল এই দুয়োজন যুৱক।

একমাত্ৰ ধনৰ লোভত পৰি নিশাৰ ভাগত বকোৰ পৰা ছয়গাঁও সমষ্টিৰ ভিতৰুৱা অঞ্চলত আধাৰ কাৰ্ড বনাই থকা অৱস্থাত হাতে লোটে ধৰা পৰে আৰক্ষীৰ হাতত ৷ জোৰশিমুলী আৰক্ষীয়ে ইতিমধ্যে দুই যুৱকক ছয়গাঁও থানালৈ প্ৰেৰণ কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply