তিতাবৰত মুকলি হ'ল ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ Credit: ইষ্ট ম'জ'

তিতাবৰ: অসমৰ বিভিন্ন জিলাত নতুনকৈ স্থাপিত ২৪ টা উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে তিতাবৰতো ভাৰ্চুৱেলি উদ্বোধন কৰে। তিতাবৰ বোকাহোলাত জিলা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্মান কৰা আটক ধুনীয়া উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো বুটাম টিপি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানত তিতাবৰ মহকুমাৰ মহকুমাধিপতি খনিন্দ্ৰ দাস, সহকাৰী আয়ুক্ত পল্লব জ্যোতি নাথ, তিতাবৰৰ নৱনিযুক্ত ৰাজহ চক্ৰ বিষয়াই বিশিষ্ট অতিথি ৰূপে উপস্থিত থকাৰ লগতে যোৰহাট উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ গোবিন শৰ্মা, তিতাবৰৰ প্ৰথমখন উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ অম্লান জ্যোতি দত্তকে ধৰি বহুকেইগৰাকী নিমন্ত্রিত অতিথি ৰূপে উপস্থিত থাকে।

উদ্বোধন কৰা উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ তথা বিশিষ্ট অভিনেতা গীতিকাৰ দীপক নাথৰ তদাৰকত আয়োজিত উদ্বোধনী অনুষ্ঠানত যোৰহাট আৰু তিতাবৰ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী আৰু প্ৰশিক্ষক, কৰ্মচাৰী উপস্থিত থাকি সহযোগিতা আগবঢ়াই। প্ৰশিক্ষণ প্ৰতিষ্ঠান খনৰ অধ্যক্ষ দীপক নাথৰ পৰা জানিব পৰা অনুসৰি ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি অফলাইনত চলি থকাৰ লগতে প্ৰথম বাৰৰ বাবে প্ৰশিক্ষণ প্ৰতিষ্ঠান খনত ফিটাৰ, ডিজেল মেকানীক, ইলেক্ট্রিচিয়ান আৰু ফেয়াৰ এণ্ড চেফটি মেনেজমেণ্ট পাঠ্যক্ৰম অন্তভুক্ত কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply