তিনিচুকীয়াৰ পেঙেৰীত আটক দুধর্ষ আলফা কেডাৰ

তিনিচুকীয়া- তিনিচুকীয়াৰ পেঙেৰীত সেনা- আৰক্ষীৰ যুটীয়া অভিযান। অভিযানত আটক অস্ত্ৰসহ আলফাৰ স্বাধীনৰ ছেকেণ্ড লেফটেনেণ্ট প্ৰান্তিক অসম। আলফা কেডাৰজনৰ পৰা সেনা বাহিনীয়ে জব্দ কৰে এটা ৩২ পিষ্টল,এটা মেগজিন,ন জাই সজীৱ গুলী।

ধৃত কেডাৰজন ম্যানমাৰ আলফা স্বাধীনৰ শিবিৰৰ যুদ্ধসম্পৰ্কীয় আৰু প্ৰশাসনিকৰ বিভাগৰ প্ৰধান আছিল। লগতে তেওঁ আলফা স্বাধীনৰ লেফটেনেণ্ট কৰ্ণেল অৰুণোদয় অসমৰ অতি ঘনিষ্ঠ সহযোগী আছিল।

সম্প্ৰতি আলফাজন আৰু জব্দ কৰা সামগ্ৰীসমূহ অধিক অনুসন্ধানৰ বাবে তিনিচুকীয়া আৰক্ষীৰ হাতত চমজাই দিয়া হৈছে বুলিও সেনাই জানিবলৈ দিছে।

উল্লেখ্য যে ১১ নৱেম্বৰত মেঘালয়ত সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই।

সম্প্ৰতি সেনাৰ জিম্মাত আছে দৃষ্টি ৰাজখোৱা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply