দক্ষিণ শালমাৰাত ১৭ টা চোৰাং গৰু জব্দ

হাটশিঙিমাৰী – নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে চোৰাং পশুধনৰ বেহা। দেওবাৰে দক্ষিণ শালমাৰাত পুনৰ ১৭ টাকৈ চোৰাং গৰু জব্দ কৰে আৰক্ষীয়ে। আটক হয় দুজন পশুধন সৰবৰাহকাৰী।

দেওবাৰে নিশা দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই ১৭ টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে দুজন পশুধন সৰবৰাহকাৰীক আটক কৰে। আটক পশুধন সৰবৰাহকাৰী দুজন ফকিৰগঞ্জ থানাৰ অধীনস্থ শিকাৰদেখ গাৱঁৰ বাসিন্দা ছামছুল হকৰ পুত্ৰ ছবিয়েল হক আৰু ছামাশেৰ শেৰা গাৱঁৰ বাসিন্দা ভোলা শেখৰ পুত্ৰ হাবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নদীপথ সমূহেৰে একাংশ পশুধন সৰবৰাহকাৰীয়ে ব্যাপক হাৰত গৰু, ম’হ বাংলাদেশলৈ সৰবৰাহ কৰি আছে। আৰক্ষী তথা সীমান্ত সুৰক্ষা বাহিনীয়ে বিভিন্ন সময়ত নদীপথ সমূহত অভিযান চলাই চোৰাং গৰু, ম’হ জব্দ কৰাৰ লগতে বহু সৰবৰাহকাৰীক আটক কৰিছে যদিও বৰ্তমানেও একাংশ সৰবৰাহকাৰী সক্ৰিয় হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply