নামেৰি ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক: নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত এলেকাত বনকৰ্মীয়ে গুলীয়াই নিহত কৰা চোৰাং চিকাৰীটোক দেৱেশ্বৰ প’ৰাগ বুলি চিনাক্ত কৰা হৈছে। ৩৮বছৰীয়া প’গাগ জিলাখনৰ ঢাৰিকিটি গাওঁৰ বাসিন্দা।

ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে প’গাগকে ধৰি চাৰিজন চোৰাং চিকাৰীৰ ওপৰত বনকৰ্মীসকলে মুকলিকৈ গুলীবৰ্ষণ কৰিছিল।এই গুলীচালনাৰ ঘটনাত আন এজন চোৰাংচিকাৰীও আহত হয় আৰু আন দুজনৰ সৈতে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়। পলায়ন কৰা চোৰাং চিকাৰী কেইটাক এতিয়ালৈকে আৰক্ষীয়ে শুংসূত্ৰ পোৱা নাই।

প’গাগৰ পৰিয়ালে সেই মৃতদেহটো চিনাক্ত কৰিছে। বনকৰ্মীসকলে নিহত চোৰাংচিকাৰীটোৰ পৰা এটা বন্দুক আৰু দুটা বেগ উদ্ধাৰ কৰিছে। ইয়াৰ পূৰ্বে নামেৰী খণ্ডৰ তদানীত্বন বনাঞ্চলিক বিষয়া ৰমেশ গগৈয়ে ২০১০ চনত প’গাগক গ্ৰেপ্তাৰ কৰিছিল। প্ৰমানৰ অভাৱত তেওঁক তেতিয়া এৰি দিয়া হৈছিল।

২০১৪চনতো নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত এলেকাত চোৰাং চিকাৰ কৰাৰ সময়ত হাতে-লোটে ধৰিছিল। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত এখন ফাৰ্ষ্ট ট্ৰেক আদালতে প’গাগক দোষী সাৱ্যস্ত কৰি সাত বছৰৰ কাৰাদণ্ড বিহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply