কামৰূপ জিলাত মুকলি হ'ল তিনিখন ক্ৰেডল চেণ্টাৰ

গুৱাহাটী- সাম্প্ৰতিক সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত কিছুমান খবৰে জনসাধাৰনক ব্যৰ্থিত কৰি তুলিছে। সমাজজীৱনৰ এনেবোৰ ঘটনা দিনক দিনে বৃদ্ধিপোৱাৰ ফলত সচেতন ৰাইজৰ মাজতো প্ৰতিক্ৰিয়া প্ৰকাশ হৈ আহিছে।

ৰাস্তাৰ দাঁতিত, ডাষ্টবিনত নবজাতকসকলক পৰিত্যক্ত কৰি থৈ ঘটনাই বহু জনকে ব্যৰ্থিত কৰে | যিসকল পিতৃ মাতৃয়ে নিজৰ নৱজাতক সন্তানক ভৰণ পোষণ দিয়াত অসমৰ্থ তেনে পিতৃ-মাতৃয়ে সন্তান সকলক যাতে অসুৰক্ষিত অৱস্থাত থৈ যাবলগীয়া নহয় তাৰ বাবে কামৰূপ জিলাৰ ৩খন চিকিৎসালয় তোলাৰাম বাফনা কামৰূপ চিভিল হাস্পতাল, ৰঙিয়া মডেল হাস্পতাল, উত্তৰ গুৱাহাটী ব্লক পি এইচ চিৰ লগতে জিলাখনৰ তিনিখন শিশুগৃহ ক্ৰমে ৰঙিয়াৰ ফাটেমা বালিকা দয়াধাম, উত্তৰ গুৱাহাটীৰ শিশুগ্ৰাম আৰু শিকাৰহাটীৰ নৱজীৱন আৰু আমিনগাঁৱৰ ৱান ষ্টপ চেণ্টাৰত জিলা শিশু সুৰক্ষা বিষয়াৰ তৰফৰপৰা একোটাকৈ ক্ৰেডল চেণ্টাৰ স্থাপন কৰা হৈছে ।

এই ক্ৰেডল চেণ্টাৰসমূহ ৱান ষ্টপ চেণ্টাৰত উদ্বোধন কৰে। এই ক্ৰেডল চেন্টাৰে সাম্প্ৰতিক সময়ত বৃদ্ধি পাবলৈ ধৰা সমস্যাৰ কিছু সহায়ক হব | উদ্ধেধনী অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কান্তা দাস,জিলা আইন প্ৰাধিকৰণৰ সদস্য সচিব মৈত্ৰেয়ী ডেকা দলে সহ বহুজন গন্যমান্য ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply