ভাৰতত বৰ্তমানেও অব্যাহত ৮০ চীনা কোম্পানীৰ ব্যৱসায় Credit: বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ

নিউজ ডেস্কঃ যি সময়ত ভাৰত চীনৰ মাজত সীমান্ত সংঘাতে দৈনিক নতুন নতুন সমস্যাৰ সৃষ্টি কৰিছে , সেই সময়ত চীনা কোম্পানীয়ে এতিয়াও দপদপাই আছে ভাৰতৰ বজাৰত |

বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্রী অনুৰাগ ঠাকুৰে ৰাজ্যসভাত উল্লেখ কৰিছে যে বর্তমান ভাৰতত প্রায় ৮০টা চীনা কোম্পানীয়ে ব্যৱসায় চলাই আছে৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি ভাৰতত বর্তমান পঞ্জীয়নভুক্ত চীনা কোম্পানীৰ সংখ্যা হৈছে ৯২টা৷

যি সময়ত ৫৯ টা চাইনীজ এপ বন্ধ কৰি দেশজুৰি চৰ্চিত হোৱাৰ পিছত চীনা কোম্পানীক লৈ সদনত উত্থাপিত এক প্রশ্নৰ উত্তৰ দি মন্ত্রীগৰাকীয়ে এই কথা উল্লেখ কৰাৰ লগে লগে বিভিন্ন মহলত সৃষ্টি হৈছে প্রতিক্রিয়া৷ স্মর্তব্য যে গালৱান উপত্যকাত চীনা বাহিনীৰে হোৱা সংঘর্ষত প্রায় ৪০জন ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতে প্রতিৱেশী দেশখনৰ সামগ্রী ভাৰতৰ বজাৰত নিষিদ্ধ কৰাৰ সিদ্ধান্ত কৰাৰ দাবী উত্থাপন হৈছিল৷ এই তথ্যই ভাৰত চৰকাৰৰ চীনক লৈ প্ৰকৃত স্থিতিটোৱেই স্পষ্ট হৈছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply