ভাৰতীয় মূলৰ কিশোৰীলৈ টাইম মেগাজিনৰ খিতাপ

নিউজ ডেস্ক– ভাৰতীয় মূলৰ কিশোৰী গীতাঞ্জলি ৰাওলৈ ‘টাইম’ আলোচনীয়ে প্ৰথমবাৰৰ বাবে ‘কিড অব দা ইয়াৰ’ খিতাপ প্ৰদান কৰিছে। ১৫ বছৰীয়া এইগৰাকী কিশোৰীক ৫০০০ প্ৰতিভাসম্পন্ন মনোনীতৰ মাজৰ পৰা টাইম মেগাজিনে নিৰ্বাচন কৰিছে। এই খিতাপ লাভৰ পাছতে হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী এঞ্জেলিনা জলীয়ে টাইম আলোচনীৰ বাবে গীতাঞ্জলীৰ কলৰেডোস্থিত বাসভৱনত ভাৰ্চুৱেলযোগে গীতাঞ্জলীৰ এক সাক্ষাৎকাৰ গ্ৰহণ কৰে।

গীতাঞ্জলীয়ে সাক্ষাৎকাৰত কয় , ‘নিৰীক্ষণ কৰক, অনুসন্ধান কৰক, গৱেষণা কৰক, নিৰ্মাণ কৰক, যোগাযোগ কৰক। সমস্য়াৰ সমাধান উলিয়াব চেষ্টা নকৰিব সমস্য়াত ধ্য়ানকেন্দ্ৰিক কৰিবলৈ চেষ্টা কৰক। যদি মই এইটো কৰিব পাৰো তেতিয়াহলে সকলোৱে কৰিব পাৰে’।

‘অসাধাৰণ’ এই যুৱ বিজ্ঞানী গৰাকীয়ে দ্বিতীয় – তৃতীয় মান শ্ৰেণীত পঢ়ি -থাকোতেই বিজ্ঞান প্ৰযুক্তিবিদ্য়াৰ সহায়ত সামাজত কি দৰে পৰিৱৰ্তন আনিব পৰা যাব সেই বিষয়ে চিন্তা-চৰ্চা কৰিছিল। ১০বছৰ মান বয়সতে পিতৃ-মাতৃক কাৰ্বন নেন টিউব চেঞ্চৰ প্ৰযুক্তিৰ বিষয়ে অৱগত কৰিছিল।

অতি কম বয়সীয়া এই যুৱবিজ্ঞানী গৰাকীৰ সফলতাই দেশবাসীকো গৰ্বিত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply