সীমান্ত সুৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধানৰ সংবাদমেল

নিউজ ডেক্স:- ভাৰত আৰু বাংলাদেশৰ আন্ত:ৰাষ্টীয় সীমান্তত দীৰ্ঘদিনৰ পৰা চলি থকা কেতবোৰ কাৰ্যকলাপক লৈ সীমান্ত সুৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ পাঁচ দিনীয়া বৈঠক অসমত অনুষ্ঠিত হয় | এই বৈঠকত নিচাযুক্ত দ্ৰব্য সৰবৰাহ,গৰুৰ চোৰাং সৰবৰাহ আৰু অন্যান্য অপৰাধজনিত কাৰ্যকলাপৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ বাবে দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে ঐক্যমতত উপনীত হয় ৷ দুয়োখন দেশৰ সীমান্ত  সুৰক্ষা বাহিনীয়ে নিশা সীমান্তত কৰিব যুটীয়া টহলৰ ব্যৱস্থা যাতে কোনো লোকে কোনোধৰণৰ সামগ্ৰী  সীমান্তইদি পাৰ কৰিব নোৱাৰে৷

৫ দিনীয়া বৈঠকৰ চতুৰ্থ দিনা গুৱাহাটীস্থিত সীমান্ত  সুৰক্ষা বাহিনীৰ ফ্ৰন্টিয়াৰ মুখ্যালয়ত আয়োজন কৰা যুটীয়া সংবাদমেলত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালকপ্ৰধান মেজৰ জেনেৰেল ছফিনুল ইছলাম আৰু সীমান্ত  সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানাই দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে আগতকৈ অধিক সহযোগিতাৰে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে৷

সংবাদমেলত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ছফিনুল ইছলামে এক খাতিয়ান দাঙি ধৰে |২০১৮ চনত ৩ জন, ২০১৯ত ৩৫জন আৰু ১৮ ডিচেম্বৰ ২০২০ পৰ্যন্ত ৪৮জন লোক অবৈধভাৱে সীমান্ত পাৰ হোৱাৰ সময়ত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ হাতত নিহত হৈছে ৷

আনহাতে NRCৰ সম্পৰ্কত সঞ্চালক প্ৰধানজনে উল্লেখ কৰে বাংলাদেশত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰে | দুয়োখন দেশে ৰহিংগিয়া অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply