মাইক্ৰফাইনেঞ্চৰ ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেক্স: মাইক্ৰফাইনেঞ্চ কোম্পানীসমূহক চৰকাৰ নিয়ন্ত্ৰণ কৰি ইতিমধ্যে বিধানসভাত বিধেয়ক আনিছে | এই মাইক্ৰফাইনেঞ্চ কোম্পানীসমূহক ঋণ দিয়াৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ হোৱাৰ লগতে ৰিজাৰ্ভ বেংকৰ নিয়ম মতে কাৰ্যপ্ৰণালী চলাবলৈ বাধ্য কৰিছে | চৰকাৰে আইন অনাৰ পিছতেই দেওবাৰে

যোৰহাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহত্‍ ঘোষণা। মাইক্ৰফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাক ঋণ মুক্ত কৰিব ৰাজ্য চৰকাৰে। মন্ত্ৰীগৰাকীয়ে লগতে জনোৱা মতে, ইতিমধ্যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত চিন্তা-চৰ্চা আৰম্ভ কৰিছে।

উল্লেখ্য যে, বিভিন্ন সময়ত ঋণৰ নামত বহু মহিলাক মাইক্ৰফাইনেঞ্চ প্ৰতিষ্ঠানে হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

কিছুদিনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ২০২১ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিলে মহিলাসকলে লোৱা মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰিব কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেইসময়ত কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতিক তাচ্ছিল্য কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ ক্ষমতাশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিয়া এই প্ৰতিশ্ৰুতিয়ে বিশেষ তাত্‍পৰ্য বহন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply