নলবাৰীৰ তাৰকা গৃহ

নলবাৰী:- নলবাৰীবাসীৰ বাবে এটি সু খবৰ।।অতি শীঘ্ৰে মুকলি হব নলবাৰী সৰিয়হ তলীত নিৰ্মাণৰত থকা তাৰকা গৃহ।২০১২ চনতে তেতিয়াৰ শিক্ষা,স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নলবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ সৰিয়হ তলীত তাৰকা গৃহটোৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তাৰ পিছতে নিৰ্মাণৰত থকা তাৰকা গৃহটোৰ ভৱন সমূহ সম্পূৰ্ণ হয় যদিও কোটি টকীয়া যন্ত্ৰৰ অভাৱত আজিলৈ মুকলি নহল নলবাৰীৰ তাৰকা গৃহটো।

উল্লেখ্য যে বিধানসভা নিৰ্বাচন সমাগত আৰু এই মুহূৰ্তত তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দলটোৰ।।আজি শাসকীয় দলটোৰ স্থানীয় বিধায়ক অশোক শৰ্মা সহিতে মুঠ পাচজনীয়া বিধায়কৰ এটি সজাতি দলে কেইবাগৰাকী উচ্চস্তৰীয় বিষয়াক লগত লৈ তাৰকা গৃহটোত পৰিদর্শন কৰে | দলটোত বিজেপিৰ বিধায়ক নোমল মমিন, নবনীতা সন্দিকা, মানসিং ৰংপি সহ বিষয়াবৰ্গসহ ভ্ৰমণৰত দলটোৰ সদস্য সকলে তিনিমাহৰ ভিতৰত তাৰকা গৃহটো মুকলি হব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply