২৬ ডিচেম্বৰৰ পূৰ্বে আস্থা ভোটৰ গ্রহণৰ নিৰ্দেশ দিলে ন্যায়ালয়ে

গুৱাহাটী:- ১৫ ডিচেম্বৰত প্ৰমোদ বড়োৱে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য ৰূপে শপতগ্ৰহণৰ পিছতে হাগ্ৰামা বাহিনীয়ে বিটিচিৰ স্থিতাবস্থা বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছত মঙলবাৰে

বিটিচি নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে উচ্চ ন্যায়ালয়ে | প্ৰথমে আস্থা ভোটৰ সন্মুখীন হ’ব লাগিব প্রমোদ বড়ো। ন্যায়ালয়ৰ এই নিৰ্দেশে নৱ গঠিত পৰিষদক সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ দিলে ন্যায়ালয়ে।

কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব নোৱাৰিব পাৰিষদে। ৰাজ্যপালে ইতিমধ্যে মনোনীত কৰা পাৰিষদ সকলে এই ভোটদানত অংশ ল’ব নোৱাৰিব। ২৬ ডিচেম্বৰৰ পূৰ্বে আস্থা ভোটৰ গ্রহণৰ নিৰ্দেশ দিলে ন্যায়ালয়ে। প্রথমে পৰিষদক সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ। তাৰ পিছতে ভোটদানৰ জৰিয়তে মুখ্য কাৰ্যবাহী বিষয়া বাচনি কৰিব লাগিব। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতেই কিছু সকাহ পাইছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল ,বিজেপি,জিএছ পি দলে |

নিৰ্বাচিত পাৰিষদ সকলক হাগ্ৰামা মহিলাৰীয়ে যাতে নিজৰ সমৰ্থনত নিব নোৱাৰে তাৰ বাবে যোৱা সময়চোৱাত প্ৰথমে গুৱাহাটীৰ লিলি হোটেলত আৰু বৰ্তমান শ্বিলঙত আবদ্ধ কৰি ৰাখিছে | এতিয়া সদনত আস্থা ভোটৰ বাবে অনুমতি দিয়াৰ পিছতেই এই পাৰিষদ সকলৰো এক প্ৰকাৰ বন্দীত্বৰ জীৱনৰো সামৰণি পৰিব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply