হাগ্ৰামা মহিলাৰী - হিমন্ত বিশ্ব

গুৱাহাটী – বিটিচি নিৰ্বাচনৰ দিন থিৰাং হোৱাৰ পিছতে এতিয়া ৰাজনৈতিক কুচকাৱাজ তুংগত উঠিছে। অলপতে গুৱাহাটীত এক সংবাদমেলত গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি বিটিএডিত অবড়োৰ সুৰক্ষাৰ স্বাৰ্থত গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীক ভোট দিবলৈ আহবান জনায় সাংসদ নৱ শৰণীয়াই।

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই বিটিএডি নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা কাৰ্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদগৰাকীয়ে কয় যে দীৰ্ঘদিন ধৰি অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীয়ে যিসমূহ সমস্যাৰ বিষয়ে মাত মাতি আহিছিল সেইসমূহ সমস্যা যে প্ৰকৃততে আছে সেয়া বিটিএডি নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ সভাত দিয়া ভাষণৰ পৰাই নিশ্চিত হৈছে।

আনহাতে বিটিএডিৰ সমস্যা সমাধান কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিছে তাক প্ৰত্যাহ্বান জনাই সাংসদগৰাকীয়ে কয় যে আগতে কাৰ্বি আংলং, ডিমা হাছাওত থকা অনাকাৰ্বি, অনাডিমাছাৰ সমস্যা সমাধান কৰক।

ইফালে হাগ্ৰামা মহিলাৰীয়ে এক হাজাৰ কোটি টকাৰ ৪০০ কোটি টকা ৰাজ্য চৰকাৰে কমিছন হিচাপে ৰখাৰ যি মন্তব্য কৰিছে তাক ব্যাখ্যা কৰি কয় যে হাগ্ৰামা মহিলাৰীৰ বক্তব্যৰ পৰা প্ৰমাণিত হৈছে যে হিমন্ত বিশ্ব শৰ্মাও ধোৱা তুলসীৰ পাত নহয়। সোতৰ বছৰ ধৰি কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক শাসনত মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা আছিল, তেনেক্ষেত্ৰত হাগ্ৰামা মহিলাৰী যদি দুৰ্নীতিৰ গোচৰত জে’ললৈ যাবলগীয়া হয়, হিমন্ত বিশ্বও একে দোষত কাৰাগাৰাৰ একেটা কোঠালিলৈ যাব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply