১৬ জানুৱাৰীৰ পৰা দেশত কোৰোণাৰ ভেকচিনেশ্যন

নিউজ ডেক্স: অহা ১৬ জানুৱাৰীৰ পৰা দেশত আৰম্ভ হ’ব কোৰোণাৰ ভেকচিনেশ্যন প্ৰক্ৰিয়া। এই ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব স্বাস্থ্যকৰ্মীৰ লগতে কোৰোণাৰ বিৰুদ্ধে যুদ্ধত একেবাৰে সমুখত থকা যুদ্ধাসকলে। সেইদৰে ৫০ উৰ্ধ্বৰ ব্যক্তিসকল বা বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলেও  ভেকচিন লাভৰ ক্ষেত্ৰত গুৰুত্ব পাব।

প্ৰথম পৰ্যায়ত প্ৰায় ৩ কোটি লোকে লাভ কৰিব কোৰোণাৰ ভেকচিন। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত অংশগ্ৰহণ কৰিছিল ভাৰতৰ কেবিনেট সচিবৰ লগতে ৰাজ্যসমূহৰ মুৰব্বীসকলে। আৰু বৈঠকৰ পিছতে অহা ১৬ জানুৱাৰীৰ পৰা দেশত কোৰোণাৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply