নববৰ্ষ আয়োজনত কিছু বাধা প্ৰশাসনৰ

গুৱাহাটী:- মাজত মাত্ৰ দুটা দিন | ২০২০ বৰ্ষৰ সমৰণি পৰিবলৈ | পাৰ হৈ যোৱা বৰ্ষটো বিশ্বৰ অধিকাংশ লোকৰ বাবেই সুখৰ নাছিল | কৰোনা সৃষ্ট পৰিবেশৰ বাবেই বছৰটোৰ অধিকাংশ সময়েই লোক ঘৰৰ পৰা ওলাব নোৱাৰিলে , মানসিক ভাবেও ক্ষতি কৰিলে বহুতকে | এতিয়া পৰিস্থিতি স্বাভাবিক হৈছে যদিও বিপদ আতৰা নাই | কৰোনাৰ নতুন লক্ষণ লৈ এতিয়াও চিন্তিত হৈছে বিশ্ববাসী | অসমতো কৰোনাৰ সংক্ৰমণ কমিছে যদিও চৰকাৰে কেতবোৰ নতুন গাইড লাইন এতিয়াও প্ৰকাশ কৰিছে |

ইয়াৰ মাজতে ৩১ ডিচেম্বৰৰ নিশাক লৈ কঠোৰ হৈছে মহানগৰ আৰক্ষী। অনুজ্ঞাপ্ৰত্ৰ থকা বাৰ খুলিব পাৰিব নিশা ১২ বজালৈ। ৫০ শতাংশতকৈ অধিক লোকৰ অনুমতি দিয়া নহ’ব। মাস্ক আৰু ছেনিটাইজাৰ বাধ্যতামুলক হ’ব। সুৰাপায়ীৰ ওপৰত তীক্ষ্ণ নজৰ থাকিব মহানগৰ আৰক্ষীৰ। ৩১তাৰিখৰ নিশা ঠায়ে ঠায়ে থাকিব তালাচী। সুৰাপান কৰি নিশা গাড়ী নচলাবলৈ মহানগৰবাসীক অনুৰোধ জনাইছেআৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই। যান বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব মগানগৰ আৰক্ষীয়ে ৷ নিশা ১০ বজাৰ পিছত উচ্চস্তৰত কোনো মিউজিক ব্যৱহাৰ কৰিব নোৱাৰিব। এনে অৱস্থাত এইবাৰৰ ৩১ ডিচেম্বৰ আয়োজনত আগৰ দৰেই মুক্ত মনে ঘুৰি ফুৰাৰ সুবিধা নাপাব মহানগৰৰ ৰাইজে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply