কৃষকক ভেটিবলৈ দিল্লী আৰক্ষীয়ে নিৰ্মাণ কৰিছে পথৰ ওপৰত লোৰ জোং

নিউজ ডেস্ক: প্ৰতিবাদী কৃষকৰ ওপৰত হাৰাশাস্তি আৰু অন্যান্য অভিযোগৰ বিৰোধিতাৰে ৬ ফেব্ৰুৱাৰীত দেশজুৰি পথ বন্ধৰ আহ্বান | এই চকা বন্ধৰ আহ্বান জনাইছে প্ৰতিবাদী কৃষক সংগঠনৰ যৌথ মঞ্চই। ৩ঘন্টাৰ বাবে দেশত পথ বন্ধৰ আহ্বান কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদত নমা কৃষক সংগঠনৰ যৌথ মঞ্চৰ। দিনৰ ১২ বজাৰ পৰা তিনি বজালৈ কৃষক সংগঠন সমূহে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহ বন্ধ থাকিব ।

প্ৰতিবাদস্থলীত ইন্টাৰনেট কৰ্তন, প্ৰতিবাদী কৃষকৰ ওপৰত অনাহক হাৰাশাস্তি কৰা আৰু অন্যান্য অভিযোগৰ বিৰোধিতাৰে এই চকা বন্ধৰ আহ্বান জনাইছে প্ৰতিবাদী কৃষক সংগঠনৰ যৌথ মঞ্চই।

উল্লেখ্য যে, দুমাহৰো অধিক সময় দিল্লীৰ উপকণ্ঠ অঞ্চলসমূহত নিৰবিচ্ছন্নভাৱে কেন্দ্ৰীয় চৰকাৰৰ তিনি কৃষি আইনৰ প্ৰত্যাহাৰৰ দাবীৰে প্ৰতিবাদ কৰি আহিছে দেশৰ কেইবাখনো ৰাজ্যৰ কৃষক তথা কৃষক সংগঠনসমূহে। অহিংস পন্থাৰে আন্দোলন চলাই অহা এই কৃষক প্ৰতিবাদে বিগত ২৬ জানুৱাৰীত হিংসাত্মক ৰূপ ধাৰণ কৰাৰে পিছৰে পৰা এই কৃষক প্ৰতিবাদৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দেশৰ গৃহ মন্ত্ৰণালয়।

দিল্লীৰ সীমান্তত নিশা আৰক্ষীৰ দ্বাৰা নিৰ্মাণ কৰিছে পথৰ ওপৰত লোৰ জোং।

সিঙ্ঘু-টিকৰি-গাজিপুৰ সীমান্তত ‘কার্যতঃ’ এক প্ৰকাৰ দুর্গ নিৰ্মাণ কৰিছে দিল্লী আৰক্ষীয়ে। পথত চিমেন্ট ঢালি লগাই দিয়া হৈছে লোৰ জোং। লগতে দিয়া হৈছে কংক্রিটৰ বাধা। আছে ব’ল্ডাৰ-বেৰিকেড। বন্ধ কৰি দিয়া হৈছে দিল্লীমুখী ৰাস্তা। কৃষক আন্দোলনক একপ্ৰকাৰ বাধা দিবলৈয়ে আৰক্ষীৰ এনে পদক্ষেপ।

এই দৃশ্যসমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত তীব্র নিন্দা কৰি টুইট কৰিছে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে। বহুকেইখন ছবি পোষ্ট কৰি তেওঁ কটাক্ষ কৰি চৰকাৰক উদ্দেশ্যে লিখিছে, “দলং নিৰ্মাণ কৰক, বেৰ নহয়!”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply