অসম ৰাজ্যিক জুনিয়ৰ বয়জ হকী প্ৰতিযোগিতা

নগাঁও- নগাঁও জিলাৰ ৰূপহীৰ গেৰুৱাআটিত আগন্তুক ৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব অসম ৰাজ্যিক ৯ তম অনুজ দাস মেম’ৰিয়েল লৰাৰ জুনিয়ৰ হকী প্ৰতিযোগিতা । অসম হকীৰ অধীনত উত্তৰণ জনকল্যাণ সমিতি আৰু আদৰ্শ সমাজ কল্যাণ সমিতিৰ সৌজন্যত ৰূপহী মহাবিদ্যালয়ৰ সহযোগত আৰু গেৰুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখনি ।

গেৰুৱাআটিৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই জুনিয়ৰ বয়জ হকী প্ৰতিযোগিতাত ২০ খন জিলাৰ ৪৫০ গৰাকী খেলুৱৈ আৰু ক্ৰীড়া সংগঠকে অংশগ্ৰহণ কৰিব । ১৯ বছৰৰ অনুৰ্ধৰ এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ পৰা চেন্নাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ বাবে অসম দলটো নিৰ্বাচন কৰা হ’ব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply