দেশৰ ৰাজধানী দিল্লীত ক’ভিড-১৯ৰ সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বৰ্তমান ৰাজ্যখনৰ হস্পিতালসমূহত ১০০তকৈ কম সংখ্যকহে ICU বেড খালী আছে।

দেওবাৰে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা সদৰী কৰে।

টুইটাৰ যোগে দিয়া এক ভিডিঅ’ বাৰ্তাত কেজৰিৱালে কয় যে প্ৰতি মুহূৰ্তে-মুহূৰ্তে দিল্লীৰ পৰিস্থিতি অধিক অৱনতি ঘতিবলৈ ধৰিছে।

যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ২৪ শতাংশৰ পৰা ৩০ শতাংশলৈ বৃদ্ধি পাইছে বুলি তেওঁ জানিবলৈ দিয়ে। ফলত হস্পিতালসমূহত ক’ভিড ৰোগীৰ বিছনা দ্ৰুত হাৰত ভৰ্তি হৈ আহিছে।    

দিল্লীৰ মূঠ ১০,০০০ খন হস্পিতাল বেডৰ প্ৰায় ১,৮০০ খন ক’ভিড ৰোগীসকলৰ বাবে সংৰক্ষিত কৰা হৈছে বুলি তেওঁ জনায়।

তেওঁ লগতে কয়, ‘কেন্দ্ৰীয় চৰকাৰক নিবেদন জনাইছো যাতে অতি কমেও ৭,০০০খন বেড ক’ভিড ৰোগীৰ বাবে ৰিজাৰ্ভ কৰি দিয়ে।’

অহা দুই-তিনি দিনৰ ভিতৰত ৬,০০০ খনতকৈ অধিক অ’ক্সিজেন বেড সাজু কৰি তোলা হ’ব বুলি তেওঁ সদৰী কৰে।

উল্লেখযোগ্য যে ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দিল্লীত বৰ্তমান ‘উইকএণ্ড কাৰ্ফিউ’ জাৰি কৰা আছে। এইক্ষেত্ৰত দিল্লীৰ জনসাধাৰণৰ পৰা যথেষ্ট সহযোগিতা লাভ কৰা বুলি মুখ্য মন্ত্ৰীগৰাকীয়ে জনায়।   

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply