অসমৰ ৰাজনীতিৰ এক এৰাব নোৱাৰা ব্যক্তিত্বলৈ উত্থান হোৱা এজন মানুহ বদৰুদ্দিন আজমল! মাত্ৰ ১৫ বছৰীয়া ৰাজনৈতিক ইতিহাস থকা এটা দল কান্ধত লৈ অসমৰ ৰাজনীতিত এক শক্তিশালী বিষয় হৈ পৰিল এইগৰাকী বদৰুদ্দিন আজমল।

এইগৰাকী আজমলৰ বিগত অসম বিধান সভা নিৰ্বাচনত দেখুওৱা ফলাফল আছিল চমকপ্ৰদ। কংগ্ৰেছ দল য’তেই বিজয়ী হৈছিল তাৰ অধিকাংশতেই আজমলৰ দলে দ্বিতীয় স্থান অধিকাৰ কৰিছিল। কংগ্ৰেছ হাইকামাণ্ডৰ ভয় তাতেই। এইবাবেই বাৰম্বাৰ কংগ্ৰেছে এআইইউডিএফৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ বিচাৰিও থমকি ৰ’বলগীয়া হৈছে। কাৰণ বদৰুদ্দিনলৈ ভয় কংগ্ৰেছ হাইকামাণ্ডৰ। নামনি অসমৰ কংগ্ৰেছী বিধায়কসকল, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, আনকি খোদ ৰিপুণ বৰাইয়ো বাৰম্বাৰ আজমলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ সপক্ষে মাত মাতি আহিছে। এবাৰ মিত্ৰতা হ’লেই পুনৰ শাসনলৈ উভতি অহাৰ পৰিকল্পনাৰ বাবেই ৰিপুণ বৰা কিম্বা তৰুণ গগৈয়ে ইয়াৰ সপক্ষে মাত মাতি আহিছে। তৎসত্ত্বেও এতিয়ালৈ মিত্ৰতা আনুষ্ঠানিক হোৱা নাই। কাৰণ তিনিটা –

১) উজনিৰ একাংশ ক্ষমতাশালী বিধায়ক আৰু জ্যেষ্ঠ দলীয় নেতাৰ বিৰোধিতা

২) কেন্দ্ৰীয় হাইকামাণ্ডৰ পৰা গ্ৰীণ ছিগনেল নহা

আৰু ৩) যিটো কংগ্ৰেছৰ বাবে আটাইতকৈ মূৰ কামোৰণিৰ সৃষ্টি কৰিছে, সেইটো হৈছে কংগ্ৰেছৰ দখলত থকা ১০ টা সমষ্টিলৈ এইবাৰ চকু দিছে আজমলে।

যোৱাটো নিৰ্বাচনত ৭৪ খন আসনত প্ৰতিদ্বন্দিতা কৰি ১৩খন আসনত নিজৰ লগত ৰাখিছিল আজমল বাহিনীয়ে। গতিকে নিশ্চিতভাৱে এইবাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাটো স্বাভাৱিক। তাতকৈ ডাঙৰ কথাটো হৈছে এইবাৰ ১৩ ৰ পৰা এই সংখ্যা ৩০ কৰিবলৈ পৰিকল্পনা আৰম্ভ কৰিছে আজমল বাহিনীয়ে। অৰ্থাৎ ৩০ খন আসন দখল কৰি অসমৰ কিংমেকাৰ অথবা প্ৰধান বিৰোধী দলত পৰিণত হোৱাৰ পৰিকল্পনা কৰিছে। তেনে হ’লেও কংগ্ৰেছৰ মূৰ কামোৰণিৰ বাহিৰে একো নহয় আজমল। এই কথা বোধ কৰিয়েই অসম কংগ্ৰেছৰ প্ৰভাৰী জীতেন্দ্ৰ সিঙে আজমলৰে মিত্ৰতাৰ কথাটো এতিয়াও চূড়ান্ত নহয় বুলি কৈছে। বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াইয়ো কংগ্ৰেছে ১২৬ খন আসনতে প্ৰতিদ্বন্দিতা কৰিব বুলি কৈ থৈছে। অৰ্থাৎ কংগ্ৰেছৰ সৈতে মহাজোঁটবন্ধনৰ অংশীদাৰ হ’বলৈ প্ৰস্তুত হ’লেওঁ এ আই ইউ ডি এফৰ মূল লক্ষ্য থাকিব কিন্তু ৩০ খন আসন হস্তগত কৰাতহে।

আনকি শেহতীয়াকৈ আজমলে এখন দলীয় সভাত কৈছে যে ৰাজ্যত এইবাৰ কংগ্ৰেছ আৰু অন্যান্য দলৰ স’তে মহাজোটবন্ধন হ’ব। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তেওঁ এইটোও কৈছে যে ৩০খন আসন দলৰ বাবে সংৰক্ষিত হৈ আছে। এআইইউডিএফে এতিয়া ৩০ টা সমষ্টিৰ ওপৰতে অধিক গুৰুত্ব আৰোপ কৰিছে যদিও এই সংক্রান্তত কংগ্ৰেছৰ স’তে আলোচনা কৰিবলৈ বাকী আছে বুলিও কৈছে।

উল্লেখ্য যে বৰ্তমান নিজৰ হাতত থকা ১৩ টা সমষ্টিৰ কোনকেইটা সমষ্টি নিজৰ দখললৈ নিয়াৰ পৰিকল্পনা কৰিছে আজমল বাহিনীয়ে? আমি যদি বিগত বিধানসভা নিৰ্বাচনৰ ফলাফললৈ মন কৰো তেন্তে দেখিম যে ১৭ টা ভিন ভিন সমষ্টিত অতি কম ব্যৱধানত পৰাজিত হৈছিল এআইইউডিএফৰ প্ৰাৰ্থী। ইয়াৰে ১৪ টা সমষ্টিত কংগ্ৰেছৰ সৈতে পোনপটীয়া প্ৰতিদ্বন্দিতা হৈছিল এআইইউডিএফৰ। এইখিনিতে উল্লেখ কৰি থওঁ যে যোৱাবাৰ ১২৪ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰি মাত্ৰ ২৬ খন আসন লাভ কৰিছিল কংগ্ৰেছে। গতিকে তেনে এটা দলক বিগব্ৰাদাৰ হিচাপে মানি লৈ অধিকাংশ আসন এৰি দিয়া ভুল নকৰে এআইইউডিএফে। বিহাৰ নিৰ্বাচনত কংগ্ৰেছক ৭২খনকৈ আসন এৰি দিয়াৰ পৰিণতি তেজস্বী যাদৱে পাইছে, সেয়া আজমলৰ নখদৰ্পনত।

যোৱাটো নিৰ্বাচনত এআইইউডিএফ আৰু কংগ্ৰেছৰ মাজত হোৱা ৰণত দক্ষিণ কৰিমগঞ্জ, কাটলিচেৰা, দক্ষিণ অভয়াপুৰী আৰু ধিং সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী পৰাজিত হৈছিল যদিও ১০ টা সমষ্টিত এ আই ইউ ডি এফৰ প্রার্থী কংগ্ৰেছ প্রার্থীৰ হাতত পৰাজিত হৈছিল। কংগ্ৰেছে দখল কৰা সেই সমষ্টিকেইটা ক্রমে বদৰপুৰ, মানকাচৰ, দক্ষিণ শালমাৰা, পশ্চিম গোৱালপাৰা, জনিয়া, বাঘবৰ, চেঙা, দলগাঁও, লাহৰীঘাট আৰু ৰূপহীহাট সমষ্টিত ইউ ডি এফৰ প্রার্থী পৰাজিত হৈছিল। গতিকে নিশ্চিতভাৱে এইকেউটা সমষ্টিতে এআইইউডিএফে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

কিন্তু মহাজোঁট যদিহে হয় তেন্তে নিজৰ দখলত থকা এই ১০ টা সমষ্টি কংগ্ৰেছে এৰি দিব লাগিব আজমলক। তদুপৰি বামপন্থী দলৰ, নৱগঠিত দলৰ কথাও আছে। যোৱাটো নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপিৰ সৈতেও ছটা সমষ্টিত মূল প্রতিদ্বন্দ্বিতা হৈছিল এ আই ইউ ডি এফৰ আৰু তিনিটাকৈ সমষ্টিত জয় হৈছিল উভয় দলে। বিপিএফৰ স’তে এ আই ইউ ডি এফৰ পাঁচটা সমষ্টিত মূল প্রতিদ্বন্দ্বিতা হৈছিল আৰু ইয়াৰে চাৰিটা সমষ্টি বিপিএফে দখল কৰাৰ বিপৰীতে গৌৰীপুৰ সমষ্টি এ আই ইউ ডি এফৰ দখললৈ আহিছিল। গতিকে এসময়ত হু ইজ বদৰুদ্দিন বুলি কোৱা দল কংগ্ৰেছে আজি নিশ্চয়কৈ আজমলৰ উত্থানত কিছুহ’লেও শংকিত হৈছে।

কংগ্ৰেছ এআইইউডিএফৰ বহু চৰ্চিত মিত্ৰতা প্ৰসঙ্গৰ চূড়ান্ত পৰ্যায়লৈ আমিও বাট চাম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,918 other subscribers

Leave a comment

Leave a Reply